অসম

assam

Protest in Biswanath: লক্ষ্মী ওৰাঙক বিক্ৰী কৰি পল্লৱ লোচন দাস বিধায়ক-মন্ত্ৰী-সাংসদ হৈছে

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 5:26 PM IST

সাংসদ পল্লৱ লোচন দাসে আদিবাসী সমাজৰ আইকণ লক্ষ্মী ওৰাংক বিক্ৰী কৰি বিধায়ক মন্ত্ৰী সাংসদ হৈছে । বিশ্বনাথৰ শ’লমাৰীত আদিবাসীৰ প্ৰতিবাদ ।

Adivasi protest in Bihali
আদিবাসী আৰু চাহ জনজাতি সংগঠনৰ সংঘাত

আদিবাসী আৰু চাহ জনজাতি সংগঠনৰ সংঘাত

বিশ্বনাথ, ২৫ আগষ্ট:"আমাক আদিবাসী বুলি পৰিচয় দিয়া,আমি কোনো চাহ জনজাতি নহয় ।"বৃহস্পতিবাৰে বিয়লি বিহালীত আদিবাসী সমাজে চৰকাৰক এই বুলি সকীয়াই দিয়ে । বিশ্বনাথ জিলাৰ আদিবাসী সমাজৰ লোকসকলে লক্ষ্মী ওৰাঙৰ নেতৃত্বত বিহালীৰ সমষ্টিৰ শ’লমাৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যত আদিবাসী আৰু চাহ জনজাতি সংগঠন দুটাৰ মাজত তীব্ৰ যুজঁ চলি থকা সময়তে নিজকে আদিবাসী জনগোষ্ঠী বুলি দাবী কৰি আদিবাসী সমাজৰ ওৰাং,মহালি,পৰজা,চাওঁতাল,খেৰুৱাৰ,গণ্ড সমাজ,অসম মুণ্ডা সমাজ,ভূমিজ খাৰিয়া হো লহৰাকে আদি কৰি আদিবাসী সমাজৰ লোক সকলে বিহালী সমষ্টিৰ শ'লমাৰীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।

উক্ত সভাত উপস্থিত আদিবাসী সমাজৰ পুৰুষ মহিলাই নিজকে আদিবাসী লোক বুলি পৰিচয় দিয়া লগতে তেওঁলোক কোনো চাহ জনজাতি নহয় বুলি দাবী কৰে । ইফালে,"আমাক কোনো চাহ গছে জন্ম দিয়া নাই, আমাক পিতৃ-মাতৃয়ে জন্ম দিছে গতিকে আমি আদিবাসী চাহ জনজাতি নহয় "বুলি হুংকাৰ দি তেওঁলোকক আদিবাসী জনগোষ্ঠীৰ বুলি পৰিচয় দিবলৈ দাবী জনায় । আনহাতে,তেওঁলোকক চাহ জনজাতি বুলি কোনো জনজাতিৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে ।

ইফালে,ৰাজ্যত একাংশই তেওঁলোকক চাহ জনজাতি বুলি পৰিচয় দি জনজাতিকৰণ কৰিবলৈ বিচৰা কাৰ্য গ্ৰহণ নকৰে বুলি সকীয়াই দি কয়,"আমাক আদিবাসী বুলি চৰকাৰে পৰিচয় দিয়ক । আচলতে আমি আদিবাসী বুলি ক’লে নিজকে গৌৰৱ অনুভৱ কৰো ।" তেওঁলোকে পুনৰ কয়,"আমি কোনো চাহ জনজাতি নহয় আমি আদিবাসী জনগোষ্ঠীৰ । আমাৰ অধিকাৰ আমাক দিব লাগে ৷"

ইফালে ,২০০৭ চনত লক্ষ্মী ওৰাঙক সেই সময়ৰ আটছাৰ ৰাজ্যিক সমিতিৰ সম্পাদকৰ দায়িত্ব থকা তথা বৰ্তমানৰ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে আদিবাসী জনজাতি লাগে বুলি গুৱাহাটীৰ বেলতলাত প্ৰতিবাদ কৰিবলৈ গৈ লক্ষ্মী ওৰাঙক উলংগ কৰাই আৰু আইকণ লক্ষ্মী ওৰাঙক বিক্ৰী কৰি তেওঁ বিধায়ক,মন্ত্ৰী, সাংসদ হৈছে বুলি আদিবাসী সমাজৰ প্ৰতিবাদীকাৰীয়ে ক্ষোভেৰে কয় । আজিলৈকে লক্ষ্মী ওৰাঙৰ খবৰ ল'বলৈ সাংসদ পল্লৱ লোচন দাসৰ সময় নহ'ল বুলি তেওঁলোকে অভিযোগ কৰে ।

লগতে পঢ়ক:No electricity connection: বিদ্যুতৰ ব্যৱস্থা নাই, ম’বাইলৰ ফ্লাচ জ্বলাই ভকতিত নিমগ্ন ভকত

ABOUT THE AUTHOR

...view details