অসম

assam

ETV Bharat / state

বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত আদিবাসী সমাজৰ ! - বিশ্বনাথ আদিবাসীৰ প্ৰতিবাদ

সমাগত অসম বিধান সভা নিৰ্বাচনত বিজেপি দলক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদিবাসী সমাজে ৷ নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বিজেপি দলক ভোট নিদিয়ে আদিবাসী লোকসকলে ৷ আদিবাসী সকলৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ চাৰিআলি ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰী 351 টকালৈ বৃদ্ধি কৰাৰ লগতে ভূমি পট্টা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

adivasi people from biswanth not to cast vote
adivasi people from biswanth not to cast vote

By

Published : Feb 10, 2021, 9:35 PM IST

বিশ্বনাথ , 10 ফেব্ৰুৱাৰী:আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপি দলক কোনো কাৰণতে ভোট নিদিয়াৰ হুংকাৰ দিছে আদিবাসী ৰাইজে ৷ বুধবাৰে বিশ্বনাথত আদিবাসী আইকন লক্ষ্মী ওৰাঙৰ নেতৃত্বত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী সমাজে মিলি বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ প্ৰদান কৰে ৷

আদিবাসী সকলৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ চাৰিআলি

মূলতঃ আদিবাসী লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি আৰু ভূমি পট্টা প্ৰদানৰ দাবীৰে প্ৰায় পাঁচ সহশ্ৰাধিক লোকে আদিবাসী সকলৰ জাতীয় সাজ-পাৰ পৰিধান কৰি হাতে হাতে ধনু কাঁড় লৈ বিশাল সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বিজেপি দলক ভোট নিদিয়ে আদিবাসী সকলে

আদিবাসী লোক সকলক বিভিন্ন ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে, ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক দল বিজেপিয়ে বিভিন্ন প্ৰতিশ্ৰুতি আৰু আঁচনিৰ ঘোষণা কৰিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী অসমলৈ আহি চাহ শ্ৰমিক সকলৰ একাউন্টত 3 হাজাৰ টকা ভৰাই দিয়া হ'ব বুলি এক আঁচনিৰ শুভাৰম্ভ কৰিছিল ৷ কিন্তু চৰকাৰৰ এনে মিছা প্ৰতিশ্ৰুতি বৰ্তমান আদিবাসী ৰাইজে বুজি পোৱা হৈছে ৷

বিগত বিধানসভা নিৰ্বাচনৰ সময়তো বহু প্ৰতিশ্ৰুতি দি বিজেপি দলে কোনোটো প্ৰতিশ্ৰুতিয়েই পালন নকৰিলে বুলি অভিযোগ কৰি প্ৰতিবাদকাৰী সকলে কয় যে, যদিহে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক চৰকাৰে জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেন্তে বিজেপি দলক আদিবাসী সকলে কোনোপধ্যেই ভোট নিদিয়ে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে মন্তব্য কৰে যে, "জে পি নাড্ডাই কৈছিল হম লগ আদিবাসীকৌ এছ টি দে দিয়া হে ৷ এছ টি কাৰ পকেটত দিছে আমি নাজানো ৷ এনেকুবা টাইপৰ এছ টি বহুত বাৰ দিলে নৰেন্দ্ৰ মোদীয়ে । কেইটা যে এছ টি দিছে হিচাপ নাই ৷ আমাক পকেটৰ এছ টি নালাগে, আপোনালোকৰ নাটক বাজি এছ টি নালাগে, নাটক বাজি এছ টি আপোনালোকে আপোনালোকৰ ঘৰত ৰাখক,কাম দিব ৷"

লক্ষ্মী ওৰাঙে কয় যে, চৰকাৰে এই তিনিহাজাৰ টকীয়া ধন মেলা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ লাজ লাগিব লাগে ৷ তিনিহাজাৰ টকাত আমি উন্নত হৈ যাম নেকি বুলি চৰকাৰক প্ৰশ্ন কৰি ওৰাঙে কয় যে, আমাৰ এক কোটি আঠত্ৰিশ লাখ আদিবাসীয়ে দহ টকাকৈ দিলে যিমান কোটি টকা হব আমি চৰকাৰক দিম ৷ বাগিছা সমূহত উন্নয়ন হৈছে বুলি ক'বলৈ চৰকাৰৰ লাজ লাগিব লাগে বুলিও মন্তব্য কৰে ওৰাঙে ৷

লগতে পঢ়ক:বিজেপিয়ে জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছেঃ আৰ পি শৰ্মা

ABOUT THE AUTHOR

...view details