বিশ্বনাথ, 8 এপ্ৰীলঃ বিজেপিক লৈ ক্ষোভ অসমৰ আদিবাসীসকলৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এসেকা দিবলৈ সাজু হৈছে আদিবাসী ভোটাৰ ৰাইজ ৷ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাথো এটা দিন বাকী থকা অৱস্থাত বিজেপি চৰকাৰৰ দিনত আদিবাসী সকলক দিয়া প্ৰতিশ্ৰুতি পালনত চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই আদিবাসীসকল ক্ষোভিত হোৱা কাৰ্যই ৰাজনৈতিক সমীকৰণ ওলট পালট হোৱাৰ ইংগিত দিছে ।
সোমবাৰে বিশ্বনাথৰ বালিচাংত অনুষ্ঠিত হয় আদিবাসী সকলৰ এখন প্ৰতিবাদী সভা আৰু এই সভাতেই আদিবাসী সকলৰ সংকল্প, মোদী চৰকাৰে আদিবাসী সকলক প্ৰৱঞ্চনা কৰিছে, বহুত ঠগিলে আৰু এতিয়া মোদীয়ে নিজৰ স্থিতি সলনি কৰক অন্যথা বিজেপিক বৰ্জন কৰিব আদিবাসী ভোটাৰে । আদিবাসী ভূমি সুৰক্ষা সমিতিৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত আদিবাসী সকলৰ অভিযোগ যে বিজেপি চৰকাৰ গঠন হোৱাৰ 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া, আদিবাসী সকলক ভূমি পট্টা দিয়া, বাগিচাৰ শ্ৰমিক সকলক 351 টকাকৈ মজুৰী দিব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া সম্পূৰ্ণ ভুৱা আছিল । আনকি বিজেপি চৰকাৰৰ দিনতে যোৱা ফেব্ৰুৱাৰী মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অহা 27 জুলাইৰ ভিতৰত ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰি থকা আদিবাসী সকলক উচ্ছেদ কৰাৰ যি ৰায়দান কৰিলে তাৰ বাবেও ক্ষোভিত আদিবাসী সকল ।