বিশ্বনাথ,1 জানুৱাৰীঃ নতুন বছৰৰ পোনতে বিশ্বনাথবাসীলৈ আহিছে ভাল খবৰ ৷ ভাৰতৰ চণ্ডীগড়ত ২৮-৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীয়ে কৃতিত্ব লাভ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসৰ নেতৃত্বাধীন দলটিয়ে প্ৰতিযোগিতাখনত ৭টা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ বছৰটোৰ শেষত দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে বিশ্বনাথ তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ - বিশ্বনাথ
চণ্ডীগড়ত ২৮-৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীয়ে কৃতিত্ব লাভ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসৰ নেতৃত্বাধীন দলটিয়ে প্ৰতিযোগিতাখনত ৭টা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন
আনহাতে ২৮ আৰু ২৯ ডিচেম্বৰত লামডিঙত সমাপ্তি ঘটা অল ষ্টাইল সমৰ কলা প্ৰতিযোগিতাত জামুগুৰিহাটৰ কংকনা শইকীয়া ৰূপৰ পদক লাভ কৰে ৷ লগতে প্ৰিয়মজ্যোতি বৰা নামৰ খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,কংকনা চেম্পিয়নছ মেকাৰ একাডেমীৰ অন্যতম ছাত্ৰী ৷
লগতে চাওকঃঅসমবাসীলৈ জলীউড তাৰকাৰ নৱবৰ্ষৰ শুভেচ্ছা