অসম

assam

ETV Bharat / state

বিহালীত আছু নেতা অৰূপ তামুলীক গ্ৰেপ্তাৰ আৰক্ষীৰ - biswanath

কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰলৈ শিলাবৰ্ষণ কৰা ঘটনাত জড়িত আছু নেতা অৰূপ তামুলীসহ কেইবাজনকো আটক কৰে আৰক্ষীয়ে ৷ স্থানীয় দল-সংগঠনে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে ৷

কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰলৈ শিলাবৰ্ষণ কৰা ঘটনাত জড়িতৰ অভিযোগ
বিহালীত আছু নেতা অৰূপ তামুলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

By

Published : Dec 15, 2019, 7:13 PM IST

বিশ্বনাথ,15 ডিচেম্বৰঃবিহালীত দেওবাৰে সদৌ অসম ছাত্র সন্থা তথা অন্যান্য দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলটোৱে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ জনায় ৷ উক্ত কাৰ্যসূচী ৰূপায়ণৰ সময়তে প্ৰতিবাদী দলটো আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উত্তেজিত প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ ঘৰলৈ শিলাবৰ্ষণ কৰাত আহত হয় দুজনকৈ দণ্ডাধীশ ৷ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ চাৰিখন বাহনৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আছু নেতা অৰূপ তামুলীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোকসকলক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে ৷ স্থানীয় দল-সংগঠনে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে ।

বিহালীত আছু নেতা অৰূপ তামুলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details