বিশ্বনাথ, 6 নৱেম্বৰ :বুধবাৰে অসম-অৰুণাচল সীমান্তত ১২টা ভাষাত, ১০ হাজাৰ লোকৰ কণ্ঠৰে নিগৰিত হ'ল মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি। বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিচাং শাখা ছাত্ৰ সন্থা আৰু বৃহত্তৰ বালিচাংবাসীৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে বিশ্বনাথৰ ভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজৰ সহযোগত বালিচাং সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে সমন্বয়ৰ দিন উদযাপন কৰা হয় ।
বালিচাঙৰ বাকৰিত ১২টা ভাষাত,১০ হাজাৰ লোকৰ কণ্ঠৰে নিগৰিত "মানুহে মানুহৰ বাবে" - AASU meeting at Assam-Arunachal border in Biswanath
বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু দিৱসত অসমীয়া, বড়ো, কাৰ্বি, আদিবাসী, নেপালী, উড়িয়া, মুণ্ডা, চাওতালী, গাৰো ,প্ৰজা আদি মুঠ 12 টা ভাষাত সুধাকণ্ঠ গৰাকীৰ মানুহে মানুহৰ বাবে গীতটি ১০ হাজাৰ লোকে একেলগে পৰিবেশণ কৰে। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য ৷

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু দিৱসত অসমীয়া, বড়ো, কাৰ্বি, আদিবাসী, নেপালী, উড়িয়া, মুণ্ডা, চাওতালী, গাৰো ,প্ৰজা আদি মুঠ 12 টা ভাষাত সুধাকণ্ঠ গৰাকীৰ মানুহে মানুহৰ বাবে গীতটি ১০ হাজাৰ লোকে একেলগে পৰিবেশন কৰে। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য ৷ পৰৱৰ্তী সময়ত অনুষ্ঠানটোৰ শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বিশিষ্ট সমাজ সেৱক উদয় আদিত্য গোস্বামীয়ে ।
বালিচাঙৰ এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ কেন্দ্ৰীয় সদস্যসকলৰ লগতে বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী কল্প হাজৰিকা ,জ্যেষ্ঠ সাংবাদিক ৰতন ভূঞা , নিৰঞ্জন হাজৰিকা, বিশ্বনাথ জিলা গোৰ্খা সন্মালিনৰ সভাপতি জয়কুমাৰ সুতাৰ লগতে কেবাগৰাকীয়ো সমাজ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।