অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিনোদ হ'ৰক আক্ৰমণ - চেৰেলীয়া অঞ্চল

বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিনোদ হ'ৰক আক্ৰমণ দুস্কৃতিকাৰীৰ । ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী থানাত ভুক্তভোগী বিনোদ হ'ৰৰ এজাহাৰ দাখিল ।

biswanath
বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিনোদ হ'ৰক আক্ৰমণ

By

Published : May 28, 2021, 1:11 PM IST

বিশ্বনাথ, ২৮ মে': সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিনোদ হ'ৰক আক্ৰমণ । যোৱা ২৬ মে'ৰ সন্ধিয়া দুই দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় বিনোদ হ'ৰ । সেইদিনা সন্ধিয়া ৬.৩০ মান বজাত চেৰেলীয়া অঞ্চলত বিদ্যুৎ নথকাত উৎকট গৰম সহিব নোৱাৰি স্থানীয় ট্ৰেন্সফৰ্মাৰ চাবলৈ যোৱাৰ সময়তে পূৱ শিয়ালমাৰী অঞ্চলৰ ভূৱন মণ্ডল আৰু বিজয় দাস নামৰ দুজন লোকে অতৰ্কিতে বিভিন্ন অশ্ৰাৱ্য গালি-গালাজ পাৰি শাৰিকীকভাৱে আক্ৰমণ চলোৱাত মুখমণ্ডল আৰু মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷

চিকিৎসালয়ত ভৰ্তি

তদুপৰি, আদিবাসী ছাত্ৰ সন্থাই কি কৰিব বুলি দম্ভালি মাৰি একপ্ৰকাৰ প্ৰত্যাহ্বান জনায় । ভূৱন মণ্ডল আৰু বিজয় দাসৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা বিনোদ হ'ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে, বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী থানাত ভুক্তভোগী বিনোদ হ'ৰে এজাহাৰ দাখিল কৰে ৷ জানিব পৰা মতে, ইতিমধ্যে বিহালী আৰক্ষীয়ে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধিক উক্ত ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ।

আদিবাসী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিনোদ হ'ৰক আক্ৰমণ

লগতে পঢ়ক: ৰাজেন গোহাঁইৰ সৈতে কি আলোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ?

ABOUT THE AUTHOR

...view details