অসম

assam

ETV Bharat / state

নতুন বৰ্ষৰ আৰাম্ভণিতে প্ৰতিবাদৰ বাবে সাজু আমছু

বান গৰাখহনীয়া আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম সংখ্যালধু ছাত্ৰ ইউনিয়ন (আমছু) বিশ্বনাথ জিলা সমিতিৰ সংবাদমেল । নতুন বৰ্ষৰ আৰাম্ভণিতে প্ৰতিবাদৰ বাবে সাজু হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিশ্বনাথ জিলা সমিতি ।

নতুন বৰ্ষৰ আৰাম্ভণিতে প্ৰতিবাদৰ বাবে সাজু আমছু
aamsu_press_meet

By

Published : Dec 22, 2020, 4:20 PM IST

বিশ্বনাথ চাৰিআলি, ২২ ডিচেম্বৰ: বান গৰাখহনীয়া আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত মংগলবাৰে সদৌ অসম সংখ্যালধু ছাত্ৰ ইউনিয়ন (আমছু) বিশ্বনাথ জিলা সমিতিয়ে সংবাদমেলযোগে চৰকাৰৰ ওচৰত ক্ষোভ ওজাৰে । ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, 'এন্টি এৰজিয়ন মিজাৰ্চ টু প্ৰটেক্ট জলা বস্তি এণ্ড কুমলিয়া এৰিয়া ফ্ৰম দ্যা এৰজিয়ন অফ ৰিভাৰ ব্ৰক্ষ্মপুত্ৰ' এই আঁচনিটো অতি শীঘ্ৰে অনুমোদন দিয়া, বাৰিষা কালত পৰম্পৰাগতভাবে কৰি অহা কামৰ পৰিৱৰ্তে খৰালি কালতেই নদীৰ কাম কৰাৰ ব্যৱস্থা কৰা, বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াৰ সমস্যা স্থায়ীভাৱে সমাধানৰ ব্যৱস্থা কৰা, অসম চৰকাৰে যোৱা ৩ ডিচেম্বৰত ঘোষণা কৰা বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণ হিচাপে এক লাখ টকা আৰু এক লাখ পঞ্চাছ হাজাৰ টকাৰ আঁচনি বন্ধ কৰি সেই টকাখিনি ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়া সমস্যাটোক স্থায়ী ভাৱে সমাধান কৰাৰ কামত ব্যৱহাৰ কৰা আদি দাবীৰে এই সংবাদমেলৰ সম্বোধন কৰে ।

aamsu_press

১৯৯০ চনৰ পৰা ২০২০ চনলৈকে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ অন্তৰ্গত বিশ্বনাথৰ পানপুৰ অঞ্চলৰ লাখ লাখ হেক্টৰ কৃষি ভূমি খহি যোৱাৰ ফলত হাজাৰ হাজাৰ মানুহৰ ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । এই কালৰূপী বানৰ তাণ্ডৱৰ ফলত জামুগুৰিৰ পৰা পানপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ জনসাধাৰণ দিশহাৰা হৈ আহিছে । ইয়াৰ বাবে বিভিন্ন সচেতন মহলৰ লগতে আমছুৱে বিভিন্ন প্ৰতিবাদ জনাই আহিছে যদিও বান গৰাখহনীয়া সমস্যাৰ আজিলৈকে কোনো স্থায়ীভাৱে সমাধান নহ'ল । ইয়াৰ পাচতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নৱবৰ্ষৰ আৰাম্ভণিতে ৰাজপথত জংগী আন্দোলন কৰিবলৈ সাজু থাকিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক:৩০ বছৰৰ পিছত মিজোৰামত উপস্থিত ভাৰতৰ মুখ্য ন্যায়াধীশ

ABOUT THE AUTHOR

...view details