বিশ্বনাথ, ৯ জুন : বিজেপি চৰকাৰে কেৱল এটা জাতিক লক্ষ্য কৰি উচ্ছেদ কাৰ্য চলাইছে, এই মন্তব্য আমছু বাঘমৰী আঞ্চলিক সমিতি সম্পাদক ইনজামুল আহমেদৰ । আহমেদে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে ইতিহাসৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰি আহিছে অসমৰ সংখ্যালঘু জনগোষ্ঠীটোৰ একাংশ লোক । উক্ত লোক সকলক বাৰে বাৰে বিজেপি নেতৃত্বধীন চৰকাৰ খনৰ প্ৰশাসনে লক্ষ্য কৰি অন্যায়ভাৱে মন গ'লেই উচ্ছোদ চলাই অহা অভিযোগ তুলিছে আমছু নেতা গৰাকীয়ে ।
এই উচ্চেদ কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এয়া হিটলাৰী শাসন বুলি প্ৰকাশ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰা লগতে এনে কাৰ্যক গৰিহণা দিয়ে আমছু নেতা গৰাকীয়ে । তেওঁ কয় যে, অনতিপলমে উচ্ছেদ কৰা লোক সকলক পুনঃ সংস্থাপন দিয়ক চৰকাৰে । লগতে আমছু নেতা গৰাকীয়ে কয় যে, অসম গণ পৰিষদ চৰকাৰ থকাৰ সময়ত বিশ্বনাথ সমষ্টিৰ দক্ষিণৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত ঘৰ বাৰী নোহোৱাত একাংশ লোকে এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ বসবাস কৰিছিল ।
এতিয়া উক্ত লোক সকলৰ ওপৰতে চৰকাৰে অন্যায় ভাৱে আক্ৰমণ কৰি উচ্ছেদ কৰা বুলি এক গুৰুত্ব অভিযোগ তুলিছে আমছু নেতা গৰাকীয়ে । ইনজামুল আহমেদে কয় একাংশ লোকে উক্ত লোক সকলক সন্দেহযুক্ত বুলি সঘনাই মন্তব্য কৰি থকা বিষয়টো ওপৰতো প্ৰশ্ন তুলি কয় প্ৰয়াত বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কোকেশ্বৰ বৰাই সেই লোক সকলক বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰজাৰণি অঞ্চলৰ চৰকাৰী ভূমিত 1 পৰা 2 বিঘাকৈ মাটি প্ৰদান কৰিছিল ৷ য'ত সহযোগিতা কৰিছিল অসম গণ পৰিষদ দলে ।
কিন্তু সেই সময়ত অসম গণ পৰিষদ দলে পুন সংস্থাপন দিব পাৰিছিল এই সকল সংখ্যালঘু লোকক । এতিয়া বিজেপি চৰকাৰে কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে বিজেপি চৰকাৰ খনক আমছু নেতাগৰাকীয়ে । লগতে এই দৰে সন্দেহযুক্ত সজাই সংখ্যালঘু লোকৰ ওপৰত অন্যায়ভাৱে উচ্ছেদ অভিযান চলোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰা লগতে চৰকাৰৰ খনকো গৰিহণা দিয়ে আমছু নেতা গৰাকীয়ে ।
লগতে পঢ়ক :বুধবাৰে কোকৰাঝাৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’লে মন্ত্ৰী অশোক সিংঘালে