বিশ্বনাথ ১৭ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰৰ পৰা বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত আলি আয়ে লৃগাং উদযাপন কৰা হয় । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰে মিচিং জনগোষ্ঠীৰ লোকসকলে । বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ লগতে বিহালী, গহপুৰ সমষ্টিৰ শঁকুৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণ আৰু তিনিঘৰীয়াতো উদযাপন কৰা হয় আলি আয়ে লৃগাং ।
আলি আয়ে লৃগাঙৰ প্ৰতিটো কোণতে মহত্ত্বপূৰ্ণ আৰু সৃষ্টিমূলক জ্ঞানৰ সম্ভাৰেৰে পৰিৱেষ্টিত হৈ থাকে, যাৰ সৈতে মিচিং সমাজৰ সাংস্কৃতিক দিশটো সাঙোৰ খাই থাকে ৷ সৃষ্টিৰ সফলতাৰ আনন্দত পঞ্চমুখ হৈ হিয়া উজাৰি সুললিত, সুশ্ৰাৱ্য ভাষাৰে, সুকুমাৰ অঙ্গী- ভংগীৰে আলি আয়ে লৃগাঙৰ জড়িয়তে মিচিং সমাজে একত্ৰিত হৈ দঃঞিঃ পঃলঃক সোঁৱৰি প্ৰকৃতিৰ নুমলী জীয়াৰী অসমী আইক সকলো সম্ভাৰেৰে ঐশ্বৰ্যশালী কৰি তুলিবলৈ সেৱা নিবেদন কৰে ৷