বিশ্বনাথ , 13 মাৰ্চ : বিশ্বনাথৰ বৰগাঙত চুলাই মদ,অবৈধ অৰুণাচলী সুৰা আৰু লালীগুড় ব্যৱসায় বন্ধৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । আবকাৰী বিভাগ তথা প্ৰশাসনে অঞ্চলটোত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।
সুৰামুক্ত বিহালীৰ দাবীত আছাৰ প্ৰতিবাদ
চুলাই মদ আৰু লালীগুড়ৰ ব্যৱসায়ৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ
AAASA stages protest
সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি বিষাক্ত চুলাই মদে গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ প্ৰাণ লোৱাৰ পাচতো অঞ্চলটোত অব্যাহত আছে চুলাই মদ আৰু লালীগুড়ৰ ব্যৱসায় । লগতে অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায়ো । আবকাৰী বিভাগ আৰু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এখন সুৰামুক্ত বিহালীৰ দাবী জনায় ।