বিশ্বনাথ, 11 আগষ্ট : গুপ্তকাশী বিশ্বনাথৰ এক প্ৰসিদ্ধ পুণ্য তীৰ্থ আৰু পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই । কিংবদন্তি মতে বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিচাপে জনাজাত হয় । আন এক কিংবদন্তি মতে আকৌ উনুকোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্ৰ বিশ্বনাথক পূৰ্ণ কাশী হিচাপে আজিও সকলোৱে বিশ্বাস কৰে । পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱলিংগ বিশ্বনাথৰ পৰা চুৰি কৰি নি ব্ৰহ্মপুত্ৰৰ সিপাৰে হাতীমূৰা পাহাৰৰ কাষত থাপিছিলগৈ । সেইবাবে বিশ্বনাথক এক কোটিলৈ এটা শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান বুলি কয় ।
বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্ৰাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত আছিল ৷ তেজপুৰৰ হাৰূপেশ্বৰত ৰাজধানী পাতি শাসন কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ দিনতে প্ৰায় ৬৫০-৯৯০ চনৰ ভিতৰত পোন প্ৰথমে বিশ্বনাথত শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি বহু লোকে ক’বলৈ বিচাৰে । ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্ৰাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰে বুলি স্থানীয় লোকে প্ৰকাশ কৰে । প্ৰতাপ সিংহৰ দিনত বিশ্বনাথ মন্দিৰটো সম্ভৱতঃ ভাগি পৰাত প্ৰমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দ’লটো সুউচ্চকৈ নিৰ্মাণ কৰে ।
ব্ৰহ্মপুত্ৰৰ বানত এই মন্দিৰ ধ্বংশ প্ৰাপ্ত হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমে বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজায় । কিন্তু মানৰ আক্ৰমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্ৰ কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্ৰতিষ্ঠা কৰা হয় ।
বিশ্বনাথ মন্দিৰৰ কাষতে ‘ভালুক গোসাঁই’ নামৰ শিলত কটা এটা মূৰ্তি আছে।প্ৰায় ১০০ ছেঃ মিঃ মান ওখ বৰ্গক্ষেত্ৰাকাৰ চৰ্তুদিশে সিংহৰ দৰে মুখ থকা মূৰ্তিটোৰ মধ্য-শীৰ্ষাংশৰ এটা স্তূপ আকৃতিৰ । এনে ধৰণৰ প্ৰতিমূৰ্তি অসমৰ আন কোনো ঠাইতে পোৱাৰ সম্ভেদ নাই । জনবিশ্বাস মতে কিবা বস্তু হেৰালে ভালুক গোসাঁই থানত চাকি দিলে,হেৰুৱা বস্তু ঘূৰাই পায় ।
বাৰিষা পানীৰ তলত সোমাই থকা বিশ্বনাথৰ লিংগ খৰালি কালত বালি খান্দি উলিওৱা হয় ৷ তাতেই এটি অস্থায়ী ঘৰ সাজি আঘোণ মাহত শুভদিন চাই পূজা কৰা হয় ৷ বহাগ বিহুৰ ‘গোসাঁই বিহু’ৰ দিনালৈকে দৈনিক পূজা হয় এই লিংগত । বুঢ়ীগাঙৰ পাৰত বামৰ বিশ্বনাথ মন্দিৰৰ কিছু দূৰৈত এটা ডাঙৰ শিল আছে যিটোক ‘বৰলা শিল’ বুলি কোৱা হয় । অকলশৰীয়াকৈ থকাৰ বাবে এই শিলৰ নাম বৰলাশিল হৈছে ।