বিশ্বনাথ ১৫ মে': বিশ্বনাথ চাৰিআলি আৰক্ষী থানা অন্তৰ্গত বিশ্বনাথ ঘাটৰ মথাউৰি চেন্টাৰ নামৰ বজাৰ প্ৰাংগনত থকা চাৰিখন দোকানৰ পৰা বহু সা-সামগ্ৰী চোৰে লুটি নিয়ে ৷ ৬০ হাজাৰ টকাৰ মোবাইল সহ বহু সামগ্ৰী লুটি লৈ যায় চোৰে ৷
চুৰি কাণ্ড সংঘটিত কৰা চোৰৰ বিৰুদ্ধে অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে । বাৰ ঘন্টা সময় পাৰ নহওতেই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ এটা দলে বিচাৰি উলিয়ালে এই চুৰি কাৰ্য সংঘটিত কৰা গভাইত চোৰটোক ।