অসম

assam

By

Published : Jul 11, 2021, 2:25 PM IST

Updated : Jul 11, 2021, 8:17 PM IST

ETV Bharat / state

হেমন্ত বৰাৰ আত্মহননক লৈ বিশ্বনাথত ৰহস্য

মাতৃৰ ঔষধ কিনিবলৈ গৈ আৰক্ষীৰ কোব খোৱাৰ বাবে এজন যুৱকে ল’লে চৰম সিদ্ধান্ত । আৰক্ষীৰ কোবত ম’বাইল ভঙাৰ বাবে এজন যুৱকে বাচি ল’লে আত্মহননৰ পথ ।

suicide case at biswantah
ম’বাইল ভঙাৰ বাবে আত্মহত্যা যুৱকৰ

বিশ্বনাথ, 11 জুলাই : শনিবাৰে নিশা বিশ্বনাথৰ নামবাঘমৰা গাঁৱত সংঘটিত হৈছে এক অঘটন ৷ কিছুদিন পূৰ্বে ৰুগীয়া মাতৃৰ ঔষধ কিনিবলৈ যাওঁতে এজন যুৱকক আৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল ৷ অভিযোগ অনুসৰি আৰক্ষীৰ প্ৰহাৰত যুৱকজনৰ ম’বাইল ভাঙি যায় ৷

আৰক্ষীৰ কোবত ম’বাইল ভঙাৰ বাবে এজন যুৱকে বাচি লয় আত্মহননৰ পথ । এই অভিযোগ উত্থাপন কৰিছে মৃত যুৱকজনৰ আত্মীয় তথা পৰিয়ালৰ লোকে ৷ কিয়নো আৰক্ষীয়ে মাৰ ধৰ কৰা বিষয়টো যুৱক জনে অৱগত কৰিছিল বুলি উল্লেখ কৰে পৰিয়াল লোকে । আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল মৃত যুৱকজন ৷

ম’বাইল ভঙাৰ বাবে আত্মহত্যা যুৱকৰ

মৃত যুৱকজন বিশ্বনাথৰ নামবাঘমৰা গাঁৱৰ হেমন্ত বৰা বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, বিশ্বনাথ জিলাত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশ্বনাথ জিলাক কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰিছে । যাৰ বাবে জিলাখনত দ্বিতীয়বাৰৰ বাবে লক ডাউন দিয়া হৈছে । এই লক ডাউনৰ সময়তে জিলা আৰক্ষী প্ৰশাসনে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

কিন্তু এনে সময়তে কিছুদিন পূৰ্বে হেমন্ত বৰা নামৰ যুৱকজনে ৰুগীয়া মাতৃৰ ঔষধ কিনিবলৈ বিশ্বনাথ নগৰত ওলাই গৈছিল ৷ ওলাই যাওঁতে বিশ্বনাথ আৰক্ষীৰ লাঠীৰ কোব পৰিল হেমন্তৰ গাত । যাৰ বাবে যুৱকজনে শনিবাৰে নিশা গ্ৰহণ কৰে জীৱনৰ আটাইতকৈ চৰম সিদ্ধান্ত ।

যুৱকজনে ঘৰৰ কাষতে থকা এজোপা আম গছত চীপ লৈ আত্মহনন কৰে । আৰক্ষীৰ লাঠীৰ কোবত যুৱকজনৰ ম’বাইলটো ভাঙি যায় । যাৰ বাবে যুৱকজনে আত্মহত্যাৰ পথ বাচি লয় ৷ এই ঘটনাক কিন্তু সহজভাৱে ল’ব পৰা গাঁৱবাসীয়ে ৷

ম’বাইল ভঙাৰ বাবে আত্মহত্যা যুৱকৰ

ইফালে দেওবাৰে পুৱাই যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱা পাচতে মৃত যুৱক জনৰ ভাতৃ ধ্ৰৱজ্যোতি বৰাই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । কিন্তু এজাহাৰত উল্লেখ কৰে যে, হেমন্ত বৰা ঘৰৰ পৰা ১০ জুলাইৰ নিশা প্ৰায় ১০.৩০ বজাত ঘৰত কাকো একো নোকোৱাকৈ ঘৰৰ পৰা উলাই যায় আৰু তেতিয়া পৰাই ঘূৰি নাহিল মৃত হেমন্ত বৰা ৷ মৃত হেমন্ত বৰা ১০ জুলাইৰ নিশাৰ পৰাই নিৰুদ্দেশ হোৱা বুলি এজাহাৰত উল্লেখ কৰে তেওঁৰ ভাতৃয়ে ।

কিন্তু তাৰ বিপৰীতে পৰিয়াল আৰু স্থানীয় লোকে হেমন্ত বৰা মৃত্যু বিষয় ঘটনাটো ওপৰত সুকীয়া কৈ মন্তব্য প্ৰদান কৰিছে । এতিয়া সমগ্র ঘটনাটো ৰহস্যৰ মাজত আছে । প্ৰকৃতে যুৱক জনক আৰক্ষীয়ে মাৰ ধৰ কৰা বাবেই ভাৰসাম্য হেৰুৱাই আত্মহত্যা পথ বাছি ললে নে অন্য কাৰণত মৃত্যু হৈছে, সেয়া আৰক্ষী তদন্ত লগতে চিকিৎসক প্ৰতিবেদনৰ পাচত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

Last Updated : Jul 11, 2021, 8:17 PM IST

ABOUT THE AUTHOR

...view details