অসম

assam

ETV Bharat / state

অদম্য ইচ্ছাশক্তিক বাস্তৱত পৰিণত কৰাৰ হাবিয়াস গহপুৰৰ মিণ্টুৰ - প্ৰতিবেদন

জীৱনৰ কঠোৰ প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰিছে গহপুৰৰ কলাবাৰী চুপহিবাৰীৰ যুৱক মিণ্টু নাওহলীয়াই ৷ বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বলি হৈছিল যুৱকগৰাকী ৷ বৰ্তমান কেনেদৰে জীৱন নিৰ্বাহ কৰিছে যুৱকগৰাকীয়ে সেই সন্দৰ্ভত ইটিভি ভাৰতে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন-

A special story on a boy belongs to gohpur sonitpur assam etv bharat news
বিশেষভাৱে সক্ষম যুৱকৰ কাহিনী

By

Published : Jul 19, 2020, 6:08 PM IST

বিশ্বনাথ,19 জুলাই: কোনো কোনো সময়ত দুৰ্ঘটনা অভিশাপস্বৰূপ হৈ থিয় দিয়ে মানৱ জীৱনত ৷ সলনি কৰি দিয়ে জীৱনৰ গতিপথ ৷ তেনে এক দুৰ্ঘটনাৰ সন্মুখীন হৈয়ো জীৱনৰ কঠোৰ প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰিছে গহপুৰৰ কলাবাৰী চুপহিবাৰীৰ যুৱক মিণ্টু নাওহলীয়াই ৷ বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বলি হৈছিল যুৱকগৰাকী ৷ 2006 চনত কলাবাৰীৰ চেংমৰাত সংঘটিত এক দুৰ্ঘটনাত মিণ্টুৱে হেৰুৱাইছিল দুয়োখন হাত ৷ অমানিশা নামি আহিছিল যুৱকগৰাকীৰ জীৱনলৈ ৷ মহানগৰীৰ এক চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি অৱশেষত সফল হৈছিল মিণ্টু ৷

দুৰ্ঘটনাটোৱে সম্পূৰ্ণ সলনি কৰিছিল যুৱকগৰাকীৰ জীৱন ৷ কিন্তু জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি স্বাভাৱিক জীৱনক আঁকোৱালি লৈছিল যুৱকগৰাকীয়ে ৷ সম্প্ৰতি মিণ্টুক প্ৰতিটো কাৰ্যত সহায় আগবঢ়াই আহিছে পত্নী সুৰভীয়ে ৷ অদম্য সাহস আৰু একাণপতীয়া চেষ্টাৰ বলতে কৃষি কৰ্মত নিয়োজিত হৈ যুৱকগৰাকীয়ে পোহপাল দি আহিছে পৰিয়ালটোক ৷ বৰ্তমান মিণ্টুৱে মুকলি কৰিছে এখন হাঁহ-কুকুৰাৰ ফাৰ্ম ৷ মিণ্টুৰ মাতৃয়ে কৰি আহিছে সকলো সহায়-সহযোগিতা ৷

বিশেষভাৱে সক্ষম যুৱকৰ কাহিনী

বিদ্যুত বিভাগৰ গাফিলতিৰ বলি হোৱা যুৱকজনে আজিকোপতি বিভাগৰ পৰা লাভ কৰা নাই কোনোধৰণৰ সহায় ৷ স্থানীয় বিধায়কৰো এইক্ষেত্ৰত নাই কোনো সহযোগিতা ৷ ইয়াৰ পিছতো সকলো সমস্যা নেওচি জীৱন সংগ্ৰামত একাণপতীয়াকৈ ব্যস্ত হৈ পৰিছে গহপুৰৰ যুৱকগৰাকীয়ে ৷ অসহায় যুৱকগৰাকীয়ে বৰ্তমান আৰ্থিক সাহায্য বিচাৰি আবেদন জনাইছে ৰাজ্য চৰকাৰক ৷

লগতে চাওকঃনগাঁৱৰ বৰপাথৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details