বিশ্বনাথ, ৯ মে' : ৰাজ্য় চৰকাৰে অসমৰ শৈক্ষিক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে বিশেষ উদ্যোগ লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য়ৰ প্ৰায় ভাগ জিলাতেই স্থাপন কৰিছে বহুতো বিশ্ববিদ্যালয় । সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰি নৱ প্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে। এনে শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌলগা ছবিখন উন্মোচিত হোৱাত ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া (Poor school infrastructure in Biswanath)। শিক্ষক অবিহনেই চলিছে বহুতো প্ৰাথমিক বিদ্য়ালয় । ইয়াৰ মাজতেই শিক্ষকৰ অভাৱত বিগত এসপ্তাহে বন্ধ হৈ আছে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয় (School closed due to lack of teacher) ।
প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক মান উন্নীতকৰণৰ ওপৰত যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে বিশেষভাৱে গুৰুত্ব দি আহিছে বুলি দাবী কৰিছে, সেই সময়তে বিশ্বনাথৰ অন্তৰ্গত গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত যোৱা এসপ্তাহ ধৰি তলা ওলমি থকা কাৰ্যই সচেতন ৰাইজৰ চকু কপালত তুলিছে (School running at Gohpur without teacher)। গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসৰ অৱহেলাৰ বাবে এসপ্তাহ ধৰি তলা ওলমি আছে ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ত । এই অভিযোগ স্থানীয় ৰাইজৰ ৷