অসম

assam

By

Published : Sep 1, 2022, 8:52 PM IST

ETV Bharat / state

বান্দৰ টুপী পিন্ধি পিষ্টল দেখুৱাই লুটি নিলে লেপটপ

বিশ্বনাথত সংঘটিত হ'ল বলীউডৰ চিনেমা সদৃশ দৃশ্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 মান বজাত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াত এজন যুৱকে আচৰিত বেশভূষাৰে মূৰত বান্দৰ টুপী পিন্ধি লুটি নিলে দোকানৰ পৰা লেপটপ(A robbery took place at Biswanath) ৷

A robbery took place at Biswanath in afternoon
মুখত বান্দৰ টুপি পিন্ধি পিষ্টল দেখুৱাই লুটি নিলে লেপটপ, সোধালে উত্তম মাধ্যম

বিশ্বনাথ, 1 ছেপ্টেম্বৰ: বিশ্বনাথত দিন দুপৰতে ডকাইতিৰ ঘটনা সংঘটিত হৈছে (A robbery took place at Biswanath)৷ দিনৰ পোহৰতে মুৰত বান্দৰ টুপী পিন্ধি পিষ্টল দেখুয়াই লুটি নিলে দোকানৰ পৰা লেপটপ ৷

বান্দৰ টুপীধাৰী ডকাইত

বিশ্বনাথত সংঘটিত হ'ল বলীউডৰ চিনেমা সদৃশ দৃশ্য (A robbery took place in afternoon)৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 মান বজাত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াত এজন যুৱকে আচৰিত বেশভূষাৰে মুৰত বান্দৰ টুপী পিন্ধি টেকন' চলিউশ্যন নামৰ কম্পিউটাৰ দোকানখনত প্ৰৱেশ কৰে ৷ দোকানী পিংকু সাহাক এটা লেপটপ দেখুৱাবলৈ দাবী কৰে ডকাইতটোৱে (Robber took laptop) ৷ পিংকুৱে এই ঘটনা দেখি হতবাক হৈ কিবা সোধাৰ পূৰ্বে ডকাইতটোৱে পিষ্টল উলিয়াই হত্যাৰ ধমকি দি লেপটপটো লৈ দোকানৰ পৰা পলাই যায় ৷

লগে লগে পিংকুৱে চিঞৰ বাখৰ কৰাত ওচৰৰ লোকসকলে চোৰটোক খেদি যায় ৷ ডকাইতটোৱে পলায়ন কৰিবলৈ লওঁতেই স্থানীয় লোকে তাক আটক কৰি মুৰৰ পৰা বান্দৰ টুপীটো খুলি দিয়ে ৷ দোকানীজনে আৰক্ষীক এই সন্দৰ্ভত খবৰ কৰাত আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ ডকাইতটোক প্ৰহাৰ কৰিবলৈ নিদি গ্ৰেপ্তাৰ কৰি লৈ যায় ৷

বিশ্বনাথ চাৰিআলিৰ নগৰত দিন ডকাইতি সংঘটিত কৰা কাৰ্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ডকাইতটোৰ পৰিচয় সন্দৰ্ভত জানিব পৰা যোৱা নাই যদিও আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে (Police arrested robber at Biswanath)।

লগতে পঢ়ক:বোকাজান ৰে’ল ষ্টেচনত শিলৰ ছিণ্ডিকেটৰাজৰ অভিযোগ

ABOUT THE AUTHOR

...view details