অসম

assam

ETV Bharat / state

বিশ্বনাথৰ ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৰোগীৰ

হাস্পতালখনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিহালীৰ বৰগাঙৰ এগৰাকী মহিলাৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ উল্লেখ্য যে, এই মিচন হাস্পতালখনৰ বিৰুদ্ধে পূৰ্বেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই।

বিশ্বনাথৰ ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৰোগীৰ

By

Published : Jul 1, 2019, 7:59 AM IST

বিশ্বনাথ,30 জুন:বিশ্বনাথৰ ব্যক্তিগত কেটেলা মিচন হাস্পতালৰ বিৰুদ্ধে ৰোগীৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ হাস্পতালখনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিহালীৰ বৰগাঙৰ এগৰাকী মহিলাৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ অভিযোগ অনুসৰি,গহপুৰ বৰঙাবাৰী নিৱাসী দিপাংক ৰাজখোৱাই প্ৰসৱজনিত কাৰণত পত্নী চুমি বৰা ৰাজখোৱাক হাস্পতালখনত ভৰ্ত্তি কৰাবলৈ লৈ যাওঁতেই মাজ বাটতেই এটি সন্তান জন্ম হয় ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত ২৭ জুনত পত্নীক হাস্পতালত ভৰ্ত্তি কৰায় দিপাংক ৰাজখোৱাই ৷ তাৰেই সুযোগ লৈ চিকিৎসালয়খনে চাৰিদিন
বিভিন্ন অসুবিধা দেখুৱাই মহিলাগৰাকীক হাস্পতালত ৰাখি ৩০ জুনত বিদায় দিবলৈ অত্যাধিক বিল বনাই ধন আদায় কৰাত হতভম্ব হয় স্বামী দিপাংক ৰাজখোৱা। এই সন্দৰ্ভত স্বামীয়ে অত্যাধিক মাচুলৰ কাৰণ জানিব বিচৰাত হাস্পতালখনৰ একাউণ্ট পৰিচালনা কমিটিৰ তৰফৰ পৰা কোনো কথা নজনাই বিল আদায় লৈ চিকিৎসালয়খনৰ পৰা মহিলা গৰাকীক বিদায় দিয়ে।

বিশ্বনাথৰ ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৰোগীৰ
এনেদৰে কৌশলেৰে অধিক ধন লোৱাত এতিয়া ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটো। সেয়েহে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ জৰিয়তে ৰোগীসকলক সজাগ হ'বলৈ আহ্বান জনায় দিপাংক ৰাজখোৱাই ৷ উল্লেখ্য যে, এই মিচন হাস্পতালখনৰ বিৰুদ্ধে পূৰ্বেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই। সেয়েহে এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।

ABOUT THE AUTHOR

...view details