অসম

assam

ETV Bharat / state

Police constable suicide : ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী কনিষ্টবলৰ - suicide cases in assam

ৰাজ্যত পুনৰ আৰক্ষী কনিষ্টবলৰ আত্মহত্যাৰ ঘটনা ৷ বিশ্বনাথৰ বিহালী থানাত সংঘটিত হৈছে ঘটনাটো ৷ শুকুৰবাৰৰ পুৱাই থানাৰ পিচফালে ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আৰক্ষী কনিষ্টবলগৰাকীয়ে ৷ চাঞ্চল্য অব্যাহত (Police constable committed suicide in Biswanath) ৷

Etv Bharat
Etv Bharat

By

Published : Apr 21, 2023, 11:11 AM IST

Updated : Apr 21, 2023, 12:52 PM IST

ৰিভলভালেৰে গুলীয়াই আত্মহত্যা আৰক্ষী কনিষ্টবলৰ

বিশ্বনাথ, 21 এপ্ৰিল :ৰাজ্যত পুনৰ শিহৰণকাৰী আত্মহত্যাৰ ঘটনা ৷ ৰাজ্যৰ এগৰাকী আৰক্ষীয়ে আত্মহত্যা কৰে ৷ বিশ্বনাথৰ বিহালী থানাত নিজৰ চাৰ্ভিচ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে এগৰাকী আৰক্ষী কনিষ্টবলে ৷ আত্মহত্যা কৰা কনিষ্টবলগৰাকী গহপুৰৰ বাসিন্দা ললিত তেৰাং বুলি জানিব পৰা গৈছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে (Police Suicide case in Biswanath) ৷

বিহালী থানাৰ চৌহদতে শুকুৰবাৰ অৰ্থাৎ আজি পুৱতি নিশা আত্মহত্যা কৰে ললিত তেৰাঙে ৷ নিজৰ 5.56 ইনচাচ ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে তেৰাঙে ৷ থানাৰ পিচফালে পুৱাই আত্মহত্যা কৰে কনিষ্টবলগৰাকীয়ে ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা নাই কনিষ্টবলগৰাকীৰ আত্মহত্যাৰ কাৰণ (Police constable committed suicide in Biswanath )৷

আনহাতে, ললিত তেৰাঙৰ পৰিয়ালৰ লোকে ঘটনাটো সহজভাৱে তথা আত্মহত্যা বুলি মানি ল’ব পৰা নাই ৷ সমগ্ৰ ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে ৷ থানাৰ লোকৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে আৰক্ষীয়ে ললিত তেৰাঙৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে, বিগত মাহত গোলাঘাট জিলাতো আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছিল ৰাকেশ ৰায় নামৰ এগৰাকী আৰক্ষী জোৱানে ৷ ৰাকেশ ৰায় আছিল গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ দেহৰক্ষী ৷ উক্ত ঘটনায়ো ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছিল ৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত ব্যাপক হাৰত সংঘটিত হৈছে আত্মহননৰ ঘটনা ৷ শেহতীয়াকৈ অসম বিধানসভাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত চলিত বৰ্ষত 28 ফেব্ৰুৱাৰীলৈ 211 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে বিগত সাত বছৰত ৰাজ্যত সংঘটিত হৈছে মুঠ 18,764 টাকৈ আত্মহননৰ ঘটনা ৷ উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পোৱা এই আত্মহত্যাৰ ঘটনাৰ হাৰে ৰাজ্যবাসীক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে (Suicide cases in assam) ৷

লগতে পঢ়ক :Waris Punjab De : দলজিৎ সিং কালচিক বিনা কাৰণত আটক কৰি ৰাখিছে আৰক্ষীয়ে;কালচিৰ পত্নী

Last Updated : Apr 21, 2023, 12:52 PM IST

ABOUT THE AUTHOR

...view details