বিশ্বনাথ, 4 আগষ্ট: বিশ্বনাথ জিলাৰ খেৰবাৰীত আটক চোৰাং চিকাৰী ৷ বন বিভাগৰ এটা দলে অভিযান চলাই চোৰাং চিকাৰীটোৰ লগতে কিছু পৰিমাণৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰে ৷ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীৰ খেৰবাৰীত চলোৱা হয় এই অভিযান ৷ এই অভিযান চলাই বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷
বন বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে কিছুদিনৰ পূৰ্বে এক গোপন সূত্ৰৰ পৰা চোৰং চিকাৰীৰ এক তথ্য লাভ কৰিছিল বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷ তেতিয়াৰ পৰা সেই তথ্যৰ ভিত্তিত বন বিভাগে নিজাববীয়াকৈ এক অনুসন্ধান চলাই আছিল ৷ তথ্য অনুসৰি বাঘমাৰীৰ খেৰবাৰীৰ এগৰাকী লোকৰ ঘৰত মজুত আছিল বৃহৎ পৰিমাণৰ চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী ৷
লগতে পঢ়ক :আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী