অসম

assam

ETV Bharat / state

Behali Road Accident : বিহালীত মিনি ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এজনৰ, আহত আন এজন

দেওবাৰে বিশ্বনাথৰ বিহালীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Behali Road Accident) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত হয় এজন লোক ৷

Behali Road Accident
বিহালীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : May 21, 2023, 10:14 PM IST

বিশ্বনাথ, 21 মে’ :বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহালী বেদেতীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দেওবাৰে বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা (Behali Road Accident) । এই পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় । প্ৰাপ্ত তথ্য অনুসৰি, লখিমপুৰ পৰা বৰগাং অভিমুখে গৈ থকা AS 12 E 5564 নম্বৰৰ তীব্ৰবেগী মিনি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Road accident at Behali)।

এই দুৰ্ঘটনাত ৰাজু কলকমাৰ নামৰ এজন লোক থিতাতে নিহত হোৱা লগতে সঞ্জীৱ গোৱালা নামৰ লোকজন গুৰুত্বভাৱে আহত হয় । আহত লোকজনক বিহালী আৰক্ষীয়ে ততাতৰিয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে, 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাং পৰা গহপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত যোৱা কেইদিনত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে । যাৰ ফলত কেইবাজনো লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ।

বিশেষকৈ এই দুৰ্ঘটনাসমূহ ইটা ভৰ্তি ট্ৰাকৰ মাজত সংঘটিত হোৱলা দেখা যায় । দুদিন পূৰ্বে বিহালী সমষ্টিৰ বিহালী আৰক্ষী থানা অন্তৰ্গত বৰগাং আৰক্ষী চকী অধিনৰ বৰগাং চেন্টাৰত AS 01 AC 5824 নম্বৰৰ ইটা ভৰ্তি তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত সোমাই যায় ৷ ফলত কোনো মতে প্ৰাণ ৰক্ষা পৰে কেইবাজনো পথচাৰীৰ ৷

আনহাতে, উক্ত দিনাই আন এখন ইটা ভৰ্তি তীব্ৰবেগী মিনি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই গহপুৰ আৰক্ষী থানাৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মাৰি ৰেলিং ভাঙি দ-খাৱৈত সোমাই যায় ৷ ফলত কোনো মতে প্ৰাণ ৰক্ষা পৰে চালক-হেণ্ডিমেনৰ ।গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে দুৰ্ঘটনা সংঘটিত কৰা অধিকাংশ গাড়ী হৈছে ইটা ভৰ্তি ট্ৰাক ।

জানিব পৰা মতে, এই গাড়ীসমূহৰ অধিকাংশে নাই কোনো নথি-পত্ৰ ৷ লগতে অধিকাংশ গাড়ী চালকৰ কোনো পৰিচয় পত্ৰ নাই বুলি জানিব পৰা গৈছে । ইফালে দেওবাৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতীত দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাকখনৰো কোনো নথি-পত্ৰ নোহোৱা লগতে পুনৰ-নবীকৰণ কৰা নাই বুলি জানিব পৰা গৈছে ।

এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অত্যাধিক বোজা কঢ়িওৱা আৰু নথি পত্ৰ নোহোৱা বাহনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী কঠোৰ নিৰ্দেশ দিয়া পিচতো কিদৰে ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধিক ইটা বোজা ভৰ্তি গাড়ীৰ চলাচল হৈ আছে ?

তাৰ উপৰিও এই গাড়ীসমূহৰ অধিকাংশই নথি-পত্ৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথত দিনে-ৰাতিয়ে বিহালী পৰা লখিমপুৰ, অৰুণাচললৈ ইটালৈ চলাচল কৰিব পাৰিছে সেইটো ৰহস্যৰ বিষয় । এনে গাড়ীৰ মালিকক নাকি লগাবলৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসন কিম্বা পৰিবহণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক :SI Junmoni Rabha updates: জোনমণিৰ মাতৃৰ প্ৰশ্ন; লীনা দলেক বদলি কৰাটো শাস্তি হ’ব পাৰে জানো !

ABOUT THE AUTHOR

...view details