অসম

assam

ETV Bharat / state

চুলাই মদৰ বিৰুদ্ধে সষ্টম এখন জনজাতীয় প্ৰধান গাওঁ - A illegal local liquor free village

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড আতংকৰ মাজতে বিভিন্ন জিলাত অব্যাহত থকা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম আৰক্ষী তথা আবকাৰী বিভাগ ইয়াৰ মাজতে বিহপুৰীয়াৰ এখন জনজাতীয় প্ৰধান গাঁৱে চুলাইৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ স্থিতি ৷

a-illegal-local-liquor-free-village-at-bishwanath
চুলাই মদৰ বিৰুদ্ধে সষ্টম এখন জনজাতীয় প্ৰধান গাওঁ

By

Published : Jul 17, 2021, 10:30 PM IST

বিহপুৰীয়া, 17 জুলাই : ৰাজ্যৰ আৰক্ষী তথা আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পিছতো বহু কেইখন জিলাত অব্যাহত আছে বৰবিহ সদৃশ চুলাইৰ অবৈধ বেহা ৷ ইয়াৰ মাজতে বিহপুৰীয়াৰ এখন জনজাতীয় গাঁৱৰ লোকসকলে চুলাই মদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ৷ ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহপুৰীয়া নগৰৰ দক্ষিণ প্ৰান্তত থকা মিচিং জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান দুই নং দহঘৰীয়া গাঁৱখন এতিয়া চুলাইমুক্ত গাঁও হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে ৷ গাঁওখনত থকা গাঁও উন্নয়ন সমিতিৰ লগতে যুৱক সংঘ,গাঁওৰক্ষী বাহিনী আৰু মিচিং জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত গাৱঁখনৰ পৰা চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে নিঃশেষ হৈছে ৷

চুলাই মদৰ বিৰুদ্ধে সষ্টম এখন জনজাতীয় প্ৰধান গাওঁ

কেৱল চুলাই মদেই নহয় গাঁৱখনত বিলাতী অথবা অৰুণাচলী সুৰাৰ প্ৰচলনৰ লগতে জুৱাৰ আড্ডাও নিষিদ্ধ ঘোষণা কৰিছে গাঁওবাসীয়ে ৷ লগতে গাঁৱত চুলাই মদ অথবা অবৈধ সুৰাৰ বেহা চলোৱা তথা জুৱাৰ আড্ডা বহুৱাব খোজাসকলৰ বিৰুদ্ধে অৰ্থদণ্ড বিহা অথবা সমাজচ্যুত কৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে ৷ গাঁওখনক চুলাই মুক্ত গাঁও হিচাপে ৰাজহুৱা ঘোষণা কৰাৰ পূৰ্বেই গাঁওবাসীয়ে গাঁওখনত বিশুদ্ধ খোৱা পানীৰ বাবে ফিল্টাৰৰ প্ৰয়োজনীয়তা তথা ফিল্টাৰ প্ৰস্তুতেৰে সজাগত সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ লগতে গছপুলি ৰোপনেৰে গাৱঁখনত এক সুন্দৰ বাতাবৰণ গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ কেইবাখনো জিলাত চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত ভয়াৱহ ভাৱে বৃদ্ধি পাইছিল ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে চুলাইৰ বেহা তাৎক্ষণিক ভাৱে বন্ধ কৰাৰ আহ্বান জনাইছিল ৰাজ্য চৰকাৰে ৷ সমান্তৰালকৈ বিশ্বনাথত জিলাত উপস্থিত হৈ জিলাখনৰ গাঁও অঞ্চলত অব্যাহত থকা চুলাইৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীষুষ হাজৰিকাই ৷

লগতে পঢ়কঃবৰপেটাৰোডত গাঞ্জাসহ আটক এজন লোক

ABOUT THE AUTHOR

...view details