অসম

assam

ETV Bharat / state

বৃটিছ শাসনৰ ঐতিহ্য বহনকাৰী এটা ঘৰ

১৮৭০ খৃষ্টাব্দত এজন বৃটিছ বিষয়াই ঘৰটো বগীৰাম দাসক নিৰ্মাণ কৰি দিছিল। বৃটিছৰ আমোলত শিলঘাট জাঁহাজ ঘাটৰ কেৰাণী আছিল বগীৰাম দাস ৷ ঘৰটোৰ টিনপাত সুদূৰ কলিকতাৰ পৰা জাহাজত অনা হৈছিল আৰু ঘৰটিত ব্যৱহাৰ কৰা কাঠ সমূহো অতি মূল্যবান আৰু অতিকৈ উন্নত মানৰ ৷ সেই সময়ত ঘৰটোলৈ প্ৰায়ে বৃটিছ বিষয়াসকল ঘোঁৰাত উঠি অহা যোৱা কৰিছিল আৰু এক সু-সম্পৰ্ক ৰাখিছিল বগীৰাম দাসৰ লগত ।

বৃটিছ শাসনৰ ঐতিহ্য বহনকাৰী এটা ঘৰ

By

Published : Sep 16, 2019, 12:54 PM IST

Updated : Sep 16, 2019, 3:06 PM IST

চতিয়া,১৬ চেপ্তেম্বৰঃ শোণিতপুৰৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত আছে এটা ঘৰ । ১৮৭০ খৃষ্টাব্দত এজন বৃটিছ বিষয়াই এই ঘৰটো বগীৰাম দাসক নিৰ্মাণ কৰি দিছিল । বগীৰাম দাস আছিল বৃটিছৰ আমোলত শিলঘাট জাহাজ ঘাটৰ কেৰাণী । ঘৰটোৰ চাৱনি কৰিবলৈ টিনপাত সুদূৰ কলিকতাৰ পৰা জাহাজত আনিছিল বৃটিছ বিষয়াসকলে ৷ এই ঘৰটোত ব্যৱহাৰ কৰা কাঠ সমূহো অতি মূল্যবান আৰু অতিকৈ উন্নত মানৰ । জানিব পৰা মতে সেই সময়ত ঘৰটোলৈ প্ৰায়ে বৃটিছ বিষয়া সকল ঘোঁৰাত উঠি অহা যোৱা কৰিছিল আৰু এক সু-সম্পৰ্ক ৰাখিছিল বগীৰাম দাসৰ লগত ।
বৃটিছ বিষয়াৰ লগত থকা হলি গলিৰ বাবে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি এৰা পেলাইও থৈছিল বগীৰাম দাসক । বৰ্তমান বগীৰাম দাসৰ আজু নাতি দয়াল বৰাই ঘৰটো সংৰক্ষণ কৰি ৰাখিছে। দয়াল বৰাই ঘৰটো যথা সম্ভৱ সংৰক্ষণ কৰি ৰাখিছে যদিও আৰ্থিক দুৰৱস্থাৰ বাবে যি দৰে ৰাখিব পাৰিব লাগিছিল সেয়া সম্ভৱ হোৱা নাই ৷ ঘৰটোৰ বৰ্তমানৰ গৰাকী দয়াল বৰাৰ লগতে সচেতন ৰাইজে এই আপুৰুগীয়া সম্পদৰাজীৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত অতি সোনকালে ৰাজ্য চৰকাৰৰ সহায় সহযোগিতাৰ কামনা কৰিছে ৷

বৃটিছ শাসনৰ ঐতিহ্য বহনকাৰী এটা ঘৰ
Last Updated : Sep 16, 2019, 3:06 PM IST

ABOUT THE AUTHOR

...view details