অসম

assam

ETV Bharat / state

দেশ কঁপোৱা সোনাজুলি ফুলবাৰী কাণ্ডত নিহতলৈ শ্ৰদ্ধাঞ্জলি - Phulbari massacre incident

দেশ কঁপোৱা সোনাজুলি-ফুলবাৰী কাণ্ডৰ ৯ বছৰ সম্পূৰ্ণ(Phulbari massacre incident) । সদৌ অসম চাওতালী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও অংশগ্ৰহণ কৰে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ।

9th memorial day of Phulbari massacre observes in Biswanath
সোনাজুলি-ফুলবাৰী কাণ্ডত নিহতলৈ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:48 AM IST

Updated : Dec 24, 2023, 8:25 AM IST

সোনাজুলি-ফুলবাৰী কাণ্ডত নিহতলৈ শ্ৰদ্ধাঞ্জলি

বিশ্বনাথ ২৪ ডিচেম্বৰ: দেশ কঁপোৱা বিশ্বনাথৰ সোনাজুলি-ফুলবাৰী কাণ্ডৰ ৯ বছৰ পাৰ হ'ল । ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ বিয়লি অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সোনাজুলি ফুলবাৰীত সংবিজিত নেতৃত্বাধীন ঘাতক বাহিনীৰ উদ্যত বন্দুকৰ বুলেটত প্ৰাণ গৈছিল ৩০ জনকৈ নিৰীহ গঞাৰ । ঘাতক বাহিনীৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাছিল কণ কণ শিশুও । মাতৃৰ কোলাতেই চিৰদিনৰ বাবে শুই পৰিছিল ১ বছৰীয়া আৰু ৩ বছৰীয়া শিশু ।

সেই হৃদয়বিদাৰক তথা অমানৱীয় ঘটনাৰ ৯ বছৰ পাৰ হ'ল । শনিবাৰে ফুলবাৰীত স্থাপন কৰা স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনায় সেই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ লগতে স্থানীয় ৰাইজ আৰু জনপ্ৰতিনিধিয়ে । শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালৰ একাংশই কেমেৰাৰ সন্মুখত অতি আৱেগিকভাৱে ক'লে, "আজিও সেই ঘটনা মনত পৰিলে ভয় লাগে । সেই ঘটনাৰ পিছতে চৰকাৰে আমাৰ অঞ্চলৰ যি উন্নতিৰ প্ৰতিশ্ৰুতি দিছিল, সেয়া হৈ উঠা নাই । আজিও আমাৰ ইয়াত নাই চিকিৎসালয়, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । আনকি বাট পথৰ অৱস্থাও শোচনীয় ।"

ইফালে সদৌ অসম চাওতালী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰি কয় যে এই অঞ্চলটোত বৰ্তমান বিদ্যুতৰ ব্যৱস্থা কৰা হৈছে । কিন্তু যিহেতু এই অঞ্চলটো বন গাঁৱৰ ভিতৰত পৰে সেয়েহে ক্ষীপ্ৰ উন্নয়নৰ ক্ষেত্ৰত কিছু অসুবিধা আছে যদিও সেই বিষয়ে আলোচনা কৰি থকা হৈছে । উক্ত অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাও ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীয়ে জনগণক দাৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে: সৰ্বানন্দ সোণোৱাল

Last Updated : Dec 24, 2023, 8:25 AM IST

ABOUT THE AUTHOR

...view details