অসম

assam

Child protection campaign : বিশ্বনাথত সামৰণি পৰিল শিশু সুৰক্ষা সম্বন্ধীয় প্ৰচাৰ অভিযানৰ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 9:25 AM IST

সামৰণি পৰিল বিশ্বনাথত অনুষ্ঠিত হোৱা সুৰক্ষিত শৈশৱ, সোণালী অসম শীৰ্ষক 90 দিনীয়া প্ৰচাৰ অভিযানৰ ৷ বিশ্বনাথ জিলা শিশু সুৰক্ষা বিষয়া জয় দলে আৰু অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে এই সামৰণি অনুষ্ঠানত ৷

90 day child protection campaign ended in Bishwanath
বিশ্বনাথত সামৰণি পৰিল শিশু সুৰক্ষা সম্বন্ধীয় ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ

বিশ্বনাথ, 9 ছেপ্টেম্বৰ: বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত বিশ্বনাথত আৰম্ভ হোৱা সুৰক্ষিত শৈশৱ, সোণালী অসম, 2023 শীৰ্ষক 90 দিনীয়া প্ৰচাৰ অভিযানৰ শুকুৰবাৰে সামৰণি পৰে । সেই উপলক্ষে বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ দ্বাৰা বিশ্বনাথৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে শুকুৰবাৰে পুৱা 10 বজাত চাৰিআলি অভ্যসন মজলীয়া বিদ্যালয়ৰ পৰা বিশ্বনাথ নগৰৰ মাজেৰে এটি সজাগতা সমদল উলিওৱা হয় ।

বিশ্বনাথত সামৰণি পৰিল শিশু সুৰক্ষা সম্বন্ধীয় ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ

শিশুৰ বিভিন্ন সমস্যাৰ সমাধান, ভ্ৰূণ হত্যা বন্ধ কৰা, সমাজত শিশুসকল হাৰাশাস্তি তথা নিৰ্যাতনৰ সন্মুখীন হোৱা আৰু তেওঁলোকক উদ্ধাৰ কৰি পুনৰ সংস্থাপন দিয়া আদিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে উলিওৱা এই সজাগতামুলক সমদলত উপস্থিত থাকে বিশ্বনাথ জিলা শিশু সুৰক্ষা বিষয়া জয় দলে । দুপৰীয়া 12.30 বজাত বিশ্বনাথৰ বামগাঁওত থকা জিলা শিশু সুৰক্ষা গোটৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখনি সজাগতা সভা ।

এই সভাত অভ্যাগতসকলক আদৰণি জনায় জিলা শিশু সুৰক্ষা গোটৰ সমাজ কৰ্মী লখিমী বৰাই । জিলা শিশু সুৰক্ষা গোট, শিশু কল্যাণ সমিতি আৰু শৈশৱ ন্যায়িক মণ্ডলীৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় আইনী তথা প্ৰবেচন বিষয়া প্ৰস্তুতি ভূঞাই । ইয়াৰ পিছতেই সুৰক্ষিত শৈশৱ, সোণালী অসম, 2023 শীৰ্ষক কাৰ্যক্ৰম সন্দৰ্ভত মন্তব্য দাঙি ধৰে শিশু কল্যাণ সমিতিৰ সভাপতি মতি কুমাৰ নেৱাৰে ।

বিশ্বনাথত সামৰণি পৰিল শিশু সুৰক্ষা সম্বন্ধীয় ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ

বিশ্বনাথ জিলা শিশু সুৰক্ষা বিষয়া জয় দলেই শিশুৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা আৰু সহযোগিতাৰ বিষয়ে নাতিদীৰ্ঘ মন্তব্য আগবঢ়োৱা অনুষ্ঠানটিত শিশু কল্যাণ সমিতিৰ সদস্য জয়ন্ত শৰ্মাই জিলা শিশু সুৰক্ষা গোট আৰু শিশু কল্যাণ সমিতিয়ে শিশু সমস্যা সম্পৰ্কীয় জটিলতাসমূহৰ বিষয়ে উল্লেখ কৰে ৷ সভাৰ শেষত সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে জিলা শিশু সুৰক্ষা গোটৰ তথ্য বিশ্লেষক মেবি চুলতানাই ।

লগতে পঢ়ক:Bhupen Hazarika 97th birthday: সুধাকণ্ঠৰ স্মৃতি বিজড়িত সমলবোৰ সংৰক্ষণৰ আহ্বান শংকৰ পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details