বিশ্বনাথ, 25জুনঃ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰি বিশ্বনাথ জিলাৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বিজ্ঞান শাখাৰ ছাত্ৰ অম্লানজ্যোতি পেগুৱে ৷ 95.02 শতাংশ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় অম্লানজ্যোতি পেগু ৷
সপ্তম স্থান দখল কৰি উজলিল গহপুৰৰ অম্লানজ্যোতি পেগু - উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বিজ্ঞান শাখাৰ ছাত্ৰ অম্লানজ্যোতি পেগুৱে ৷

বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বিজ্ঞান শাখাৰ ছাত্ৰ অম্লানজ্যোতি পেগুৱে । নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল অম্লানজ্যোতি পেগু ৷ অম্লানজ্যোতি পেগুৱে 95.02 শতাংশ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । অম্লানজ্যোতিয়ে সপ্তম স্থান লাভ কৰি উত্তীৰ্ণ হোৱাৰ বাবে পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় লোক সকল উৎফুল্লিত হৈ পৰিছে । ইফালে অম্লানজ্যোতি ভৱিষ্যতে এজন ইঞ্জিনীয়াৰ হোৱা সপোন বুলি সাংবাদিকৰ আগত সদৰি কৰে ।
লগতে পঢ়ক- দশম স্থান লাভ কৰি ধেমাজিত উজলিল অংকিতা