অসম

assam

ETV Bharat / state

Republic Day 2022 : বিশ্বনাথত পালন ৭৩ সংখ্যক গণৰাজ্য দিৱস - বিশ্বনাথত পালন ৭৩ সংখ্যক গণৰাজ্য দিৱস

ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে বিশ্বনাথৰ সদৰতো গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী (Republic Day celebrated in Biswanath)। বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ গহপুৰ উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে গহপুৰৰ মহকুমাধিপতি দিপন বৰ্মনে ।

Republic Day 2022
বিশ্বনাথত পালন ৭৩ সংখ্যক গণৰাজ্য দিৱস

By

Published : Jan 26, 2022, 1:23 PM IST

বিশ্বনাথ, ২৬ জানুৱাৰী :আজি গণৰাজ্য দিৱস । ক'ভিড পৰিস্থিতিৰ মাজতে সমগ্ৰ দেশত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে (73rd Republic day of India)। ব্যতিক্ৰম নহয় অসম । অসমৰ প্ৰতিখন জিলাৰ সদৰত প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ।

বিশ্বনাথত পালন ৭৩ সংখ্যক গণৰাজ্য দিৱস

বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী (Republic Day celebrated in Biswanath)। য'ত পতাকা উত্তোলন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷

ইফালে গহপুৰ মহকুমা প্ৰশাসন দ্বাৰা গহপুৰ উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনে ।

লগতে পঢ়ক :গণৰাজ্য দিৱস বিশেষ : সংস্কৃত ভাষাত এটি দেশপ্ৰেমমূলক গীত

ABOUT THE AUTHOR

...view details