বিশ্বনাথ, ২ এপ্ৰিল :বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰা দেখা গৈছে যে, মিত্ৰজোঁট চৰকাৰে ৰাজ্যৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদান কৰিব (Assam Govt Recruitment)। ৰাজ্য চৰকাৰে ঘোষণা কৰা এই একলাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সমাজৰ একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ এনে সময়তে পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ ।
তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়তে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব থকা বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দিনত তথা বিগত বৰ্ষৰ ২০২১ চনৰ ১০ জানুৱাৰীত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰিছিল মুঠ ৫৯৪ টা পদৰ বাবে লিখিত পৰীক্ষা ৷ সেই অনুসৰি, ২০২১ চনৰ ১০ জানুৱাৰীত এ এন এম (ANM)ৰ ৫৪৫ গৰাকী নাৰ্চৰ লগতে আন লেৱৰেটৰী সহায়ক, কম্পিউটাৰ এচিচটেন্ট, জুনিয়ৰ এচিচেটেন্টসহ মুঠ ৫৯৪ টা পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।
কোনো বিৰ্তক নোহোৱাকৈ সুন্দৰকৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা । য’ত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণও হৈছিল ৷ কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা পাচৰে পৰাই বৰ্তমান পৰ্যন্ত পৰীক্ষাৰ্থীসকলে স্বাস্থ্য বিভাগৰ ৱেবচাইটত ফলাফল বিচাৰি হাবাথুৰি খাব লগা হৈছে । মাহৰ পিচত মাহ বাগৰাৰ অন্ততো আজি পৰ্যন্ত ওলোৱা নাই সেই পৰীক্ষাৰ ফলাফল ।
ইফালে পৰীক্ষা ফলাফল প্ৰকাশ নোহোৱাত চিন্তিত হৈ পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী । আনকি কেতিয়া এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তাৰ কোনো স্পষ্ট তথ্য নাই স্বাস্থ্য বিভাগৰ হাতত । যাক লৈ এতিয়া সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে ।