বিশ্বনাথ/মৰাণ, 6 জুলাই: ৮০ বছৰ বয়সতো শিল্প সাধনা অব্যাহত ৰাখিছে গহপুৰৰ এগৰাকী ব্যক্তিয়ে । কৰ’ণা সৃষ্ট পৰিৱেশৰ জটিল পৰিস্থিতিৰ মাজতো কৰি গৈছে নিজৰ কৰ্মৰাজি ৷ 80 বছৰ গৰকা ককাৰ নাম লোকশ্বৰ বৰদলৈ ৷
80 বছৰ বয়সতো শিল্পী লোকশ্বৰ বৰদলৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শ্বহীদ কনকলতা, সতী সাধিনী, মুকুন্দ কাকতিকে ধৰি অসম গৌৰৱ এশিঙীয়া গঁড় ইত্যাদি ৷ বয়সে হাৰ মনাব নোৱাৰা এই গৰাকী শিল্পীৰ আছে অদম্য কৰ্মস্পৃহা ৷ যাৰ ফলস্বৰূপে এই বৃদ্ধ বয়সতো নিজৰ শিল্প কৰ্মৰ জৰিয়তে দুপইচা উপাৰ্জন কৰি চলাই গৈছে পৰিয়াল ৷
বৃদ্ধ বয়সতো শিল্প কৰ্মত যতি পৰিব নিদিয়া দুগৰাকী জ্যোতি শিল্পীগৰাকীৰ ভাস্কৰ্য শিল্পকৰ্ম দেখি আপ্লুত হোৱাই নহয় দেশ-বিদেশৰ বিভিন্ন পৰ্যটকেও ক্ৰয় কৰি নিছে তেঁওৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এশিঙীয়া গঁড়কে ধৰি বহু সামগ্ৰী ৷
আনহাতে, আনগৰাকী গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হৈছে চাবুৱাৰ 73 বছৰ গৰকা হেমেন কোঁৱৰ ৷ চাবুৱাৰ ৰহমৰীয়া মৌজাৰ অন্তৰ্গত খাট লুখুৰাখনীয়া গাঁৱৰ 73 বছৰীয়া এই ভাস্কৰ্য শিল্পী গৰাকীয়ে শাৰিৰীক অসুস্থতাৰ মাজতো অব্যাহত ৰাখিছে নিজৰ শিল্প কৰ্ম ৷ গছৰ শিপাৰে সৰ্প, পেলনীয়া কাঠৰ পৰা গঁড়, হাতীকে ধৰি বিভিন্ন পশু পক্ষী তৈয়াৰ কৰি এই সমূহত যেন একো একোটা প্ৰাণ গুজি দিছে ৷
2018 বৰ্ষত ৰাজ্য চৰকাৰৰ পৰা ভাস্কৰ্য শিল্পীৰ সন্মান লাভ কৰা এই গৰাকী শিল্পীয়ে চলাই গৈছে সংগীতৰো সাধনা ৷ শিল্প আৰু সংগীতৰ সাধনাৰ লগতে এইগৰাকী বয়োজ্যেষ্ঠ শিল্পীয়ে নিজৰ ঘৰতে এটি সংগ্ৰহালয়ো স্থাপন কৰিছে ৷ য’ত নৱ প্ৰজন্মক পৰিচিত কৰাৰ উদ্দেশ্যে ৰখা হ’ব অসমীয়া সমাজত ব্যৱহৃত বিভিন্ন থলুৱা সমল ৷
ৰাজ্যত অব্যাহত থকা ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো জঁতি পৰা নাই এই দুই গৰাকী জ্যেষ্ঠ শিল্পীৰ সৃষ্টিশীল কৰ্মৰাজি ৷ এখেত সকলৰ শিল্পকৰ্মই যেন চৌদিশে বিলাই গৈছে তেওঁলোকৰ মহান কৰ্মৰাজিৰ জ্যোতি ৷ দুয়োগৰাকী বয়োজ্যেষ্ঠ শিল্পীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল আন্তৰিক শুভকামনা ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা দুই অসমীয়াৰ