অসম

assam

By

Published : Jun 15, 2020, 2:42 AM IST

ETV Bharat / state

গহপুৰত 51 শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান

শৈলজা সংকল্পৰ উদ্যোগত গহপুৰ শংকৰদেৱৰ শিক্ষা নিকেতন প্ৰেক্ষাগৃহত 51 জন শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান কৰা হয় ।

51 শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান
51 শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান

বিশ্বনাথ, 14 জুন : শৈলজা সংকল্পৰ উদ্যোগত গহপুৰ শংকৰদেৱৰ শিক্ষা নিকেতন প্ৰেক্ষাগৃহত 51গৰাকী শিক্ষাৰ্থীক দেওবাৰে প্ৰদান কৰা হয় উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা । অসম তথা বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন শৈলজা স‌ংকল্প সামাজিক ন্যাসৰ উদ্যোগত দেওবাৰে গহপুৰৰ শংকৰদেৱৰ শিক্ষা নিকেতনৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া, গহপুৰ, বিহালী, লক্ষীমপুৰ, বিশ্বনাথ সমষ্টিৰ পৰা আৰ্থিক দৈন্যতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা 51গৰাকী শিক্ষাৰ্থীক এইদৰে বঁটা প্ৰদান কৰা হয় ৷

অনুষ্ঠানত উপস্থিত থাকে গহপুৰ বিধায়ক উৎপল বৰা । বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় গহপুৰ হৈছে এটা শিক্ষা সমষ্টি, গহপুৰ শিক্ষাক্ষেত্ৰত আন সমষ্টিতকৈ অধিক শক্তিশালী আৰু ছাত্র-ছাত্রীসকল পঢ়া শুনাত আগ্ৰহী ৷ গহপুৰ সন্তান উদয় আদিত্য গোস্বামী নেতৃত্বত নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যি উচ্চ মাধ্যমিক পাঠ্যক্রম লগতে মেকানিকেল ইঞ্জিনিয়াৰিং, মেডিকেল, ভাৰতীয় প্ৰসাশনিক সেৱা, অসম অসামৰিক সেৱা আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাব পৰাকৈ আৱাসীক পাঠ্যক্ৰমৰ সুবিধাৰে নতুনকৈ শংকৰদেৱ শিক্ষা নিকেতন নামৰ বিদ্যালয়খন গঢ় দিবলৈ চেষ্টা কৰিছে সেয়া গহপুৰৰ উন্নয়ন এটা অংশ ৷ বিদ্যালয় গঢ়াৰ ক্ষেত্ৰত যি প্ৰয়োজন হয় প্ৰতিটো মূহুৰ্তত সহায় কৰা প্ৰতিশ্ৰুতি দিয়ে বিধায়ক উৎপল বৰাই ।

51 শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান

আনহাতে শংকৰদেৱৰ শিক্ষা নিকেতন গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে কয়, যি 51 জন শিক্ষাৰ্থীক শৈলজা সংকল্পই নগদ 3 হাজাৰ টকা আৰু এখন মানপত্ৰ প্ৰদান কৰিছে সেয়া একমাত্ৰ অনুপ্ৰেৰণা হে ৷ বাকী প্ৰতিজন ছাত্ৰ-ছাত্রীক সহায় কৰিবলৈ শৈলজা স‌ংকল্প সামাজিক ন্যাস প্ৰতিশ্ৰুতিৱদ্ধ । ইফালে এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দুলদুল বৰকটকী, শংকৰদেৱৰ শিক্ষা নিকেতন গহপুৰ কাৰ্যকৰী সভাপতি ৰাজীৱ বৰুৱাকে ধৰি বহুকেইগৰাকী সমাজসেৱক তথা বিশিষ্ট ব্যক্তি ।

লগতে পঢ়কঃগহপুৰত সংযোজিত হ'ল এখন নতুন বিদ্যালয়

ABOUT THE AUTHOR

...view details