বিশ্বনাথ, 29 অক্টোবৰ: বিশ্বনাথ চাৰিআলিত দুখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে ৷ শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ সহযোগত এটা আৰক্ষীৰ দলে এক অভিযান চলায় ৷ আৰক্ষীয়ে এই অভিযানত অৰুণাচলী সুৰা ভৰ্তি দুখন ট্ৰাক জব্দ কৰাৰ লগতে পাঁচটা অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Illegal liquor seized in Bishwanath)৷
বিশ্বনাথত 40 লাখ টকাৰ অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ আৰক্ষীয়ে জনোৱা অনুসৰি আৰক্ষীয়ে বহু আগতেই চোৰাংচোৱা সূত্ৰৰ পৰা অবৈধ সুৰা সৰবৰাহৰ এক খবৰ লাভ কৰিছিল ৷ প্ৰথমে ট্ৰাক দুখন পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে ট্ৰাক দুখনক খেদি যায় ৷ অৱশেষত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলে দুয়োখন সুৰা ভৰ্তি ট্ৰাক গোগামুখৰ পৰা জব্দ কৰে ৷
আৰক্ষীয়ে প্ৰথমতে ট্ৰাক দুখনত পৰীক্ষা কৰোঁতে আৰক্ষীয়ে ধানৰ মুঠি প্ৰত্যক্ষ কৰে যদিও পৰৱৰ্তী সময়ত সুৰাৰ কাৰ্টন পৰিলক্ষিত কৰে ৷ লগে লগে আৰক্ষীয়ে দুখন ট্ৰাকত তালাচী চলাই কাৰ্টনে কাৰ্টনে অবৈধ অৰুণাচলী বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিলাতী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 40 লাখ টকা (40 lakh worth of illegal liquor seized )৷
বিশ্বনাথ আৰক্ষীয়ে সংবাদমধ্যমক সদৰী কৰামতে এয়া এক বৃহৎ সফলতা ৷ উল্লেখ্য যে শুকুৰবাৰে দিবাকৰ ভট্টাচাৰ্য নামৰ এটা সৰবৰাহকাৰাকী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ সৰবৰাহকাৰীটোৱে দুখনকৈ ট্ৰাকত অবৈধ অৰুণাচলী সুৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ বিশ্বনাথত উপস্থিত হৈছিল ৷ দিবাকৰৰ স্বীকাৰোক্তি মৰ্মে আৰক্ষীয়ে এই দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হল এছ ০১ এম চি ৩৪৭২, এ এছ ০১এন চি ৩৪৭০ ৷ বাতৰি প্ৰকাশ হোৱা পৰ্যন্ত 4 টা সৰবৰাহকাৰীৰ নাম প্ৰকাশ হোৱা নাই ৷
লগতে পঢ়ক:Drugs seized in Dima Hasao: ডিমা হাছাওত ড্ৰাগছসহ 5 যুৱকক গ্ৰেপ্তাৰ