বিশ্বনাথ, 2 জানুৱাৰী :সোমবাৰে বিহালী প্ৰেছ ক্লাৱৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে বিহালী প্ৰেছ ক্লাবৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰাকৈ উদযাপন কৰা হয় । পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।
তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় হিচাপে বিবেচিত হয় ক্ৰমে ঋতুস্মিতা হাজৰিকা, ডিম্পী মাহাতু আৰু যুটীয়াভাৱে অঞ্জুমণি ওৰাং আৰু বিস্মিতা দেৱী । চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিকিতা তেলেঙা, পিণ্টু তেলেঙা আৰু আকাশী ওৰাং ।
দুপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই । সভাৰ আঁত ধৰে সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে । আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী দিলীপ কাকতিয়ে । তেখেতে নিজৰ বক্তব্যত কয় সাংবাদিকসকলে নীতি-আদৰ্শ বজাই ৰাখি, সত্য-নিষ্ঠ, যুক্তিসিদ্ধ, সমাজৰ উপকাৰ হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অটুট ৰাখিবলৈকো আহ্বান জনায় ।