বিশ্বনাথ, ৩ ডিচেম্বৰ : বিশ্বনাথ জিলা কৃষি বিভাগৰ বিশেষ পদক্ষেপ (Biswanath District Agriculture Department) । জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথত তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় (3 Paddy procurement centres open in Biswanath) । ইয়াৰে অংশস্বৰূপে ভাৰতীয় খাদ্য নিগমৰ অধীনত শনিবাৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত পানীভঁৰাল অঞ্চলত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয় (Indian Food Corporation) ।
বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড৹ সূৰ্যকমল বৰাই উক্ত ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে । সেই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া দীপক বাঢ়ৈৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী সকল । নিজৰ উদ্বোধনী ভাষণত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কৃষক ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম সমৰ্থিত মূল্য (minimum support price of paddy) প্ৰতি কুইণ্টলত ২০৪০ টকা দৰত ধান বিক্ৰী কৰি লাভান্বিত হ'বলৈ আহ্বান জনায় ।
আনহাতে, জিলা কৃষি বিষয়াগৰাকীয়ে জিলাখনৰ সকলো কৃষককে এই সুবিধা গ্ৰহণ কৰিবলৈ শীঘ্ৰে নিজ অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক/কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় (Assam Agriculture Department) । উল্লেখযোগ্য যে ২ ডিচেম্বৰত অসম চৰকাৰৰ অধীনস্থ কোম্পানী অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত বিশ্বনাথৰ গড়েহাগিত আন এটা ধান ক্রয় কেন্দ্ৰ ইতিমধ্যে জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই মুকলি কৰে (Assam Food and Civil Supplies Corporation Limited) ।