বিশ্বনাথ, 6 মে:ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হোৱা জঘন্য কাণ্ডৰ পিছতেই ৰাজ্যত আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ গহপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ৷ ঘৰৰ পদূলিমূখৰ পৰাই এগৰাকী যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে গহপুৰত (Rape Case at Gohpur) ৷
শুকুৰবাৰে নিশা গহপুৰৰ এগৰাকী যুৱতীক 5 জনীয়া এটা যুৱকৰ দলে ঘৰৰ পদূলিৰ পৰাই অপহৰণ কৰি গাড়ী ভিতৰতে দলবদ্ধ ধৰ্ষণ কৰাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে ৷ লগতে সমগ্ৰ ঘটনা ম’বাইলত ৰেকৰ্ড কৰে যুৱকৰ দলটোৱে (Gang raped in Gohpur 5 accused arrested) ৷
ইয়াৰ পাচত নিশা প্ৰায় 1 বজাত গহপুৰৰ হাৱাজান আৰক্ষী চকীত ভুক্তভোগী যুৱতী গৰাকী উপস্থিত হৈ অপহৰণ আৰু ধৰ্ষণ কাণ্ডৰ লগত জড়িত পাঁচ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত নিশাই হাৱাজান আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত আটাইকেইটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Gang Raped in Gohpur) ৷