অসম

assam

By

Published : Dec 1, 2020, 10:01 PM IST

ETV Bharat / state

বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বনাথৰ পৰা চেন্নাইলৈ 16 গৰাকী ছাত্ৰী

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ বিশ্বনাথত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰ ইণ্ডোভিজন স্কিল ডেভ‌লপমেন্ট চেণ্টাৰৰ 16 গৰাকী ছাত্ৰী আজি প্ৰশিক্ষণৰ অন্তত কৰ্ম সংস্থাপনৰ উদ্দেশ্যে চেন্নাইলৈ যাত্ৰা কৰে । তিৰুপুৰৰ এছ চি এম গাৰমেণ্ট কোম্পানীত যোগদানৰ উদ্দেশ্যে উপস্থিত হয় ছাত্ৰী কেইগৰাকী ৷

16 students from Bishwanath to Chennai with free training
বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বনাথৰ পৰা চেন্নাইলৈ 16 গৰাকী ছাত্ৰী

বিশ্বনাথ, 1 ডিচেম্বৰ : ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ আৰু অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্ত্বাৱধানত পৰিচালিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ বিশ্বনাথত অৱস্থিত প্ৰশিক্ষণ কেন্দ্ৰ ইণ্ডোভিজন স্কিল ডেভ‌লপমেন্ট চেণ্টাৰৰ 16 গৰাকী ছাত্ৰী আজি প্ৰশিক্ষণৰ অন্তত কৰ্ম সংস্থাপনৰ উদ্দেশ্যে চেন্নাইলৈ যাত্ৰা কৰে ।

বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বনাথৰ পৰা চেন্নাইলৈ 16 গৰাকী ছাত্ৰী

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ সংকটৰ কালকো পিঠি দি ছাত্ৰী সকলে নিজৰ জীৱনৰ লক্ষ্য আগত লৈ চাকৰিত যোগদানৰ বাবে মঙলবাৰে বিমানযোগে চেন্নাইৰ তিৰুপুৰৰ এছ চি এম গাৰমেণ্ট কোম্পানীত উপস্থিত হয় । সম্পূৰ্ণ বিনামুলীয়াভাৱে প্ৰশিক্ষণ আৰু ভ্ৰমণৰ সুবিধা লাভ কৰা এই ছাত্ৰী সকলে কৰ্মসংস্থাপন লাভ কৰি অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে । আনহাতে, এই দলটিৰ তত্ত্বাবধায়ক হিচাপে ইণ্ডোভিজনৰ হৈ যাএা কৰে মেৰী দাই চেইলদাই ।

লগতে পঢ়ক :চ্যুকাফা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উজনি অসমৰ অন্যত্বম সংগ্ৰহালয়টো

ABOUT THE AUTHOR

...view details