অসম

assam

By

Published : Oct 19, 2019, 11:57 PM IST

ETV Bharat / state

বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

চৰকাৰক অতি শীঘ্ৰে বিধস্ত ঘাইপথ মেৰামতিৰ দাবীৰে পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে হাতত ললে পথ অৱৰোধ কাৰ্যসূচী ৷

বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বিশ্বনাথ,19 অক্টোবৰ: শনিবাৰে বিশ্বনাথৰ বেদেতিত 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ বিশ্বনাথৰ মাজেৰে পাৰ যোৱা তথা বৰ্তমান বিধস্ত অৱস্থাত থকা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ দাবীৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে উত্তাল কৰি তোলে বিশ্বনাথৰ বিহালীৰ ৰাজপথ ৷ প্ৰতিবাদকালত ছাত্ৰ ছাত্ৰীসকলে "ঘাইপথ নিৰ্মাণেৰে পথাচাৰীৰ জীৱন ৰক্ষা কৰক","ঘাইপথ নিৰ্মাণ খৰতকীয়া কৰক","ৰাজ্য চৰকাৰ হায়-হায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত প্ৰতিবাদস্থলীত হেলেমৰ চক্ৰবিষয়া বিমান দাস উপস্থিত হৈ ছাত্ৰ একতা সভাৰ উপায়ুক্তলৈ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰাত এই ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ সমাপ্তি ঘটে ৷

বিশ্বনাথত ছাত্ৰ-ছাত্ৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

...view details