বিশ্বনাথ, 21 জুলাইঃ বিশ্বনাথ প্ৰশাসনে 10 টা এলেকাৰ পৰা প্ৰত্যাহাৰ কৰিছে কন্টেইনমেন্ট জ'ন ঘোষণাৰ নিৰ্দেশ ৷ উল্লেখ্য যে, জিলাখনত কিছুদিনপূৰ্বে ক’ভিড 19 ত আক্ৰান্ত হোৱা লোক কেইজন আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ এলেকা সমূহক প্ৰশাসনে কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ সম্প্ৰতি লোক কেইজন সুস্থ হৈ উঠাৰ পাচত স্বাস্থ্য বিভাগৰ নিয়মাৱলী অনুসৰি এলেকা কেইটাক কণ্টেইনমেন্ট জ’নৰ পৰা মুক্ত কৰা হৈছে ৷
বিশ্বনাথৰ জিলা দণ্ডাধীশে ২০ জুলাইত পৃথকে পৃথকে জাৰি কৰা আদেশ অনুসৰি প্ৰত্যাহাৰ কৰা কন্টেইনমেন্ট জ'ন সমূহ হৈছে -
- বিশ্বনাথ চাৰিআলি জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ,
- বিশ্বনাথৰ হৰি প্ৰসাদ ঠাকুৰৰ দোকান, ৩
- বিশ্বনাথৰ সঞ্জয় ঠাকুৰৰ গৃহ, ৪
- বিশ্বনাথৰ শান্তিপুৰস্হিত বিজয় শংকৰ দাসৰ গৃহ এলেকা,
- বিশ্বনাথৰ দীপ ভুঞাৰ গৃহ এলেকা,
- বিশ্বনাথৰ শ্যাম সুন্দৰ হেদাৰ গৃহ এলেকা,
- বিশ্বনাথৰ নাম বাঘমৰাস্থিত মোহন শৰ্মা, শৰৎ শৰ্মা, সঞ্জীৱ শৰ্মা আৰু ৰূপক শৰ্মাৰ গৃহ এলেকা,
- বিশ্বনাথৰ জয় গুপ্তাৰ গৃহ এলেকা,
- জয় গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু
- বিশ্বনাথৰ দেবেন্দ্ৰ কুমাৰৰ গৃহ এলেকা ৷