অসম

assam

By

Published : Jun 19, 2022, 7:39 AM IST

ETV Bharat / state

প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

বিহালীৰ ৰৌমাৰীত বুৰৈ নৈত তীব্ৰ গৰাখহনীয়া (Erosion in Behali) ৷ এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘাকৈ চাহ বাগান ৷

এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান
এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

বিহালী, 19 জুন :নেৰানেপেৰা বৰষুণৰ ফলতৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে প্ৰলংকাৰী ৰূপ (Assam flood) ধাৰণ কৰিছে ৷ বিহালীৰ ৰৌমাৰীতো বুৰৈ নৈত তীব্ৰ গৰাখহনীয়াৰ (Erosion in Behali) সৃষ্টি হৈছে ৷ খহনীয়াৰ ফলত এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘাকৈ চাহ বাগান (Tea gardens dissolved in river at Behali) ৷

শুকুৰবাৰে সন্ধিয়াৰ পৰা শনিবাৰলৈকে বুৰৈ নদীত জাহ গ’ল কেইবাখনো চাহ বাগান ৷ ফলস্বৰূপে মূৰে কঁপালে হাত দিছে ক্ষুদ্ৰ খেতিয়কসকলে ৷ ইতিমধ্যে অঞ্চলটোৰ বহু খেতিপথাৰ খহনীয়াৰ কবলত পৰাৰ পাছত শেহতীয়াকৈ চাহ বাগানো নৈৰ বুকুত জাহ যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

বাৰিষাৰ আৰম্ভনিতে গৰাখহনীয়াৰ এই অৱস্থা হ'লে অনাগত বাৰিষাৰ কালকেইটাৰ কথা ভাবি শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷ অতি শীঘ্ৰেই চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে স্থানীয় লোকসকলে ৷ অন্যথা থাকিবলৈ বাসস্থান নোহোৱাও হ'ব বুলি ভীতিগ্ৰস্ত হৈছে লোকসকল ৷

লগতে পঢ়ক :কালিয়েই নদীবান্ধৰ পানী এৰি আজিহে অসমক জনালে ভূটানে

ABOUT THE AUTHOR

...view details