অসম

assam

By

Published : Jan 11, 2020, 4:20 AM IST

Updated : Jan 11, 2020, 9:17 AM IST

ETV Bharat / state

মই এতিয়া জনপ্ৰিয় শিল্পী নহয়,বিদ্ৰোহী শিল্পী হে ! কোনে ক’লে ?

বজালীৰ ভবানীপুৰৰ পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ জুবিন গাৰ্গৰ এই মন্তব্য ৷ মঞ্চত হঠাৎ কিয় ক’লে ‘কা’ৰ উৎপাতত থাকিব নোৱাৰা হৈছো ৷

মই এতিয়া জনপ্ৰিয় শিল্পী নহয়, বিদ্ৰোহী শিল্পী হে ! কোনে ক’ত ক’লে এনেকৈ..
মই এতিয়া জনপ্ৰিয় শিল্পী নহয়, বিদ্ৰোহী শিল্পী হে ! কোনে ক’ত ক’লে এনেকৈ..

পাঠশালা, ১১ জানুৱাৰী: বজালীৰ ভবানীপুৰৰ পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জুবিন গাৰ্গ ৷ সংগীত পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ জুবিন গাৰ্গৰ মন্তব্য মই এতিয়া জনপ্ৰিয় শিল্পী নহয়, মই বিদ্ৰোহী শিল্পী হে ৷ ইপিনে মঞ্চত হঠাৎ ফোন ক’ল অহাত জুবিনে ক’লে চাৰিওফালে মাথো কা কা কা ৷ ‘কা’ৰ উৎপাতত থাকিব নোৱৰা হৈছো ৷

পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত জুবিন

ইয়াতে ক্ষান্ত নাথাকি জুবিনে ইয়াৰ পাচত কয়,বিজেপি চৰকাৰে মোক বেছি মৰম কৰিলে সেইবাবে আন্দোলন কৰি মোৰ এতিয়া মাত ভাঙিছে ৷ বেছি মৰম কৰিলে ল’ৰা বেয়া হ‘বই ৷ আনহাতে 2021ত বিজেপিকো মৰম নকৰিবলৈ আহ্বান ৰাইজক ৷ ইপিনে নাগৰকিত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচত কাইলৈৰ পৰা আন্দোলন তীব্ৰতৰ হ’ব বুলি উল্লেখ কৰি কয় ৰেহাই দিয়া নহ’ব ৷ মই যি কাম আৰম্ভ কৰো শেষ নকৰাকৈ নেৰো ৷ ৰাইজৰ আগত মঞ্চত উদাত্ত কণ্ঠৰে জুবিনে দিয়ে জয় আই অসম ধ্বনি ৷

লগতে চাওকঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

Last Updated : Jan 11, 2020, 9:17 AM IST

ABOUT THE AUTHOR

...view details