অসম

assam

ETV Bharat / state

আন্দোলনৰ সমানে চলিব লাগিব স্বাৱলম্বীতাৰ আন্দোলনঃ গৰিমা শইকীয়া গাৰ্গ - জুবিন সম্পৰ্কত গৰিমাৰ মন্তব্য

'কা' আন্দোলনৰ নেতৃত্ব লোৱা জুবিনৰ হঠাৎ মুখ্যমন্ত্ৰীক কৰা সাক্ষাতক লৈ হোৱা সমালোচনা সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গে মুখ খুলিছে ৷ থলুৱা অৰ্থনীতি সবল কৰিবলৈ সকলোকে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে ৷

Zubeen controversy : Garima Saikia garg's comments
আন্দোলনৰ সমানে সমানে চলিব লাগিব স্বাৱলম্বীতাৰ আন্দোলনঃ গৰিমা শইকীয়া গাৰ্গ

By

Published : Aug 13, 2020, 12:25 PM IST

বৰপেটা, ১৩ আগষ্টঃহাৰ্ট থ্ৰ'ৱ জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাক সাক্ষাতক লৈ সামাজিক মাধ্যমত একাংশৰ তীব্ৰ সমালোচনাৰ পিছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে 'ভণ্ড', 'দেশদ্ৰোহী' জুবিনক চৰম শাস্তি দিবলৈ ফেচবুকযোগে এটা পোষ্ট আপলোড দিছিল ৷ জুবিনক কৰা সমালোচনা আৰু অশালীন মন্তব্যত হতাশ হৈ পৰা বাবে পুনৰবাৰ মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে ৷

আন্দোলনৰ সমানে সমানে চলিব লাগিব স্বাৱলম্বীতাৰ আন্দোলনঃ গৰিমা শইকীয়া গাৰ্গ

বৰপেটাৰ হাউলীৰ এগৰাকী উদীয়মান কন্ঠ শিল্পী নম্ৰতা পৰাশৰে জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰা 'বন্দে মাতৰম' শীৰ্ষক গীতৰ এলবাম মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে গৰিমা শইকীয়া গাৰ্গে ৷ ইফালে অসমীয়া যুৱক-যুৱতীক লৈ কৰা জুবিনৰ পৰিকল্পনাৰ কথাও সদৰি কৰে গৰিমা শইকীয়া গাৰ্গে ৷ 'কা' আন্দোলনৰ নেতৃত্ব লোৱা জুবিনৰ হঠাৎ মুখ্যমন্ত্ৰীক কৰা সাক্ষাতক লৈ হোৱা সমালোচনা সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গে কয় যে, ৰাজপথৰ আন্দোলনৰ সমানে-সমানে চলিব লাগিব আমাৰ স্বাৱলম্বীতাৰ আন্দোলন ৷ ২০১৮ চনৰ পৰা থলগিৰিৰ সৈতে জড়িত হৈ থলুৱা অৰ্থনীতি সবলৰ আন্দোলনত চামিল হৈ আহিছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ ৷

শেহতীয়াভাৱে মহামাৰী কৰ'ণাৰ বাবে বহিঃৰাজ্যৰ পৰা ওভতি আহি কৰ্মহীন হৈ পৰা যুৱকসকলক চৰকাৰী আঁচনিৰ সৈতে জড়িত কৰাৰ পদক্ষেপ হিচাপেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা স্বীকাৰ কৰে গৰিমা শইকীয়া গাৰ্গে ৷ অৱশ্যে 'কা'ক লৈ পূৰ্বৰ স্থিতিত অটল থকাৰ কথা উল্লেখ কৰি ৰাজপথৰ আন্দোলন, ভাষাৰ আন্দোলন, শিক্ষাৰ আন্দোলন, সংস্কৃতিৰ আন্দোলনৰ লগতে অৰ্থনৈতিক আন্দোলনো চলাই নিয়া হ'ব বুলি প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে ৷

আনহাতে, জুবিন গাৰ্গ সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয় বুলি সাংসদ অজিত কুমাৰ ভূঞাই কৰা সমালোচনা সম্পৰ্কতো গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ জুবিন গাৰ্গে ব্যক্তিগত মুনাফা আদায়ৰ বাবে চৰকাৰী কোনো বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ হ'বলৈ যোৱা বুলি ভাবিয়েই হয়তো জুবিনৰ বিষয়ে এনে মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই ৷ অজিত কুমাৰ ভূঞাই জুবিনক ভালদৰে জানে আৰু তেওঁ কোৱা কথাবোৰ বুজি পাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে ৷

লগতে পঢ়ক-মাজনিশা মহানগৰীত জুবিনক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details