বৰপেটাৰোড 4 জুন : বৰপেটাৰ সৰভোগত বৃহস্পতিবাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলা ভিত্তিত এই স্ক্ৰীনিং চেন্টাৰৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়কগৰাকীয়ে ৷ তেখেতে লগতে কয় যে, বহিঃৰাজ্যৰ পৰা অহা সকলো লোকক সৰভোগৰ ষ্টেডিয়ামত স্থাপিত এই স্ক্ৰীনিং চেন্টাৰত ৰাখি স্ক্ৰীনিঙৰ উপৰি স্বাৱ সংগ্ৰহ কৰাৰ অন্তত জিলাখনত থকা 40 টা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ৷
সৰভোগৰ এই জ'নেল স্ক্ৰীনিং চেন্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকক খাদ্য গ্ৰহণৰো ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে দাসে ৷ এতিয়াৰ পৰা স্ক্ৰীনিং বা পঞ্জীয়নৰ বাবে লোকসকলে শাৰী পাতি ঠিয় হৈ থাকিব নালাগে বুলিও জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিজনে ৷ সৰভোগৰ বৰনগৰ কলেজত যোৱা ২৬ মে'ৰ পৰা কোৱাৰেন্টাইন হৈ থকা তিনিজন লোকৰ স্বাৱ পৰীক্ষাত কৰ'ণা ধৰা পৰাত বৃহস্পতিবাৰে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়।