বৰপেটা,30 জানুৱাৰী: দ্ৰুত গতিত বৃদ্ধি পোৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদৰ নেতৃত্বত শনিবাৰে বাহিৰ কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে শতাধিক যুৱ কংগ্ৰেছীয়ে ৷ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে বিভিন্ন দল সংগঠনৰ সহযোগত বাৰম্বাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ ৷ আন্তৰাষ্ট্ৰীয় বজাৰৰ তুলনাত ভাৰতত দুগুণ দৰত পেট্ৰ'ল ডিজেল মূল্য নিৰ্ধাৰণ কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ যুৱ কংগ্ৰেছৰ ৷
বৰপেটাৰ হাউলীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - আন্তৰাষ্ট্ৰীয় বজাৰৰ তুলনাত ভাৰতত দুগুন দৰত পেট্ৰ'ল ডিজেল মূল্য
বৰপেটাৰ হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত হাউলী চহৰত প্ৰতিবাদী সমদল ৷ আচ্ছে দিনৰ সপোন দেখুৱাই ৰাইজক মাধমাৰ শোধোৱা কেন্দ্ৰ আৰু ৰাজ্যত শাসনত বহা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হাউলী চহৰ ৷
উল্লেখ্য যে,লক ডাউনৰ ফলত যিসময়ত মানুহে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে, নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে, সেইসময়ত চৰকাৰে পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিৰে ৰাইজক জুৰুলা কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ ৷ আনহাতে বিজেপিৰ মিছন 100 প্লাছক সামগ্ৰীৰ মূল্য 100 প্লাছ বুলি অভিহিত কৰে যুৱ কংগ্ৰেছে ৷ বিজেপি চৰকাৰে জনবিৰোধী আইন প্ৰণয়নৰ বাদে আন কোনো কাৰ্য কৰা নাই বুলি অভিহিত কৰি ৰাজ্যত শাসনত অধিষ্ঠিত জনবিৰোধী বিজেপি চৰকাৰখনক ওফৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান যুৱ কংগ্ৰেছৰ নেতৃবৃন্দৰ ৷
লগতে পঢ়কঃগো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ