বৰপেটা, ১৩ ডিচেম্বৰ: বৰপেটাৰ মাইলকুছিত দলবদ্ধ আক্ৰমণ(Mob lynching in Barpeta)ত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় পৰিয়ালৰ আন সদস্যসকল ৷ পৰিয়ালৰ সদস্যসকলে গৰুৰ বাবে খেৰৰ পূজি মাৰি থকা অৱস্থাতে অকস্মাতে আক্ৰমণ কৰে একেগাঁৱৰে প্ৰায় ২০ জনীয়া দুৰ্বৃত্তৰ এটা দলে ৷
হাতে হাতে দা, লাঠি, ৰ'ড আদি লৈ অহা দুৰ্বত্তৰ দলটোৱে গৰুৰ বাবে খেৰৰ পূজি মাৰি থকা অৱস্থাতে আকস্মিকভাৱে ৰমেজুদ্দিনৰ পৰিয়ালটোৰ লোকসকলৰ ওপৰত জপিয়াই পৰে ৷ এই আক্ৰমণত ৰফিকুল ইছলাম নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয় ৷ আনহাতে ৰফিকুল ইছলামৰ পিতৃ, মাতৃ আৰু ভাতৃও গুৰুতৰভাৱে আহত হয় এই আক্ৰমণত ৷
আহত লোককেইজন ক্ৰমে ৰমেজুদ্দিন, মাজনী বেগম আৰু হাছানুৰ আহমেদ বুলি জানিব পৰা হৈছে ৷ ৰফিকুলৰ পিতৃ-মাতৃ সম্প্ৰতি বৰপেটা মেডিকেল হাস্পতাল(Barpeta Medical College and Hospital)ত চিকিৎসাধীন হৈ আছে ৷ আনহাতে হাছানুৰ আহমেদৰ অৱস্থা সংকটজনক হোৱাত তেওঁক ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷