জনীয়া, ৯ আগষ্ট: সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ভাৰত ত্যাগ দিৱস । সমান্তৰালকৈ কংগ্ৰেছে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰিছে । বৰপেটাৰ কলগাছিয়াতো ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ দিৱস পালন কৰা হয় । যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কলগাছিয়াৰ ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰা হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহবান মৰ্মে বৰপেটা জিলাৰ ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।
ভাৰতৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আজিৰ প্ৰেক্ষাপটত ভাৰত ত্যাগ আন্দোলনৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য আগবঢ়াই ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছেৰমান আলি আহমেদে জনগণক নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ'বলৈ আহবান জনায় । ৰাজ্যৰ আন আন জিলাতো আজি ভাৰত ত্যাগ দিৱস পালন কৰা হৈছে । ১৮৫৭ৰ পৰা ১৯৪৭ চনলৈকে দেশৰ স্বাধীনতাৰ হকে বহু আন্দোলন হৈছে যদিও ভাৰত ত্যাগ আন্দোলন আছিল অন্যতম ।