জনীয়া, 20 ফেব্ৰুৱাৰীঃ কংগ্ৰেছ দলৰ মাজত আৰম্ভ হৈছে এখনি শীতল যুদ্ধ ৷ এইবাৰ কংগ্ৰেছ দলৰ সদস্যই নিজ দলৰ নেতাৰ হৈ নামিল প্ৰতিবাদত ৷ শনিবাৰে কলগাছিয়া চাৰিআলি চ’কত যুৱ কংগ্ৰেছীয়ে দাহ কৰে কংগ্ৰেছী বিধায়কৰ প্ৰতিকৃতি ।
বিগত ১৭ ফেব্ৰুৱাৰীত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে মইনবৰীৰ জয়পুৰ-ঢাকালীয়া পাৰাত আধাৰশিলা উন্মোচন কৰিবলৈ গৈ বৰপেটাৰ সাংসদ আব্দুল খালেকক ভাষণৰ প্ৰসংগত সমালোচনা কৰিছিল ৷ যাৰ ফলত শনিবাৰে জাঙুৰ খাই উঠিছে জনীয়া যুৱ কংগ্ৰেছ ৷
কলগাছিয়া চাৰিআলি চ’কত জনীয়া যুৱ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি জনীয়া যুৱ কংগ্ৰেছীয়ে উত্তাল কৰে ৰাজপথ ৷
আনহাতে, অনাগত দিনত বিধায়ক গৰাকীয়ে যাতে সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে কোনো ধৰণৰ কটু মন্তব্য প্ৰদান নকৰে তাৰ বাবে সকীয়নী প্ৰদান কৰে জনীয়া যুৱ কংগ্ৰেছে ৷
লগতে পঢ়কঃবৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি