জনীয়া, 15 জুলাই:প্ৰেমৰ আবিৰ উৰে আকাশে বতাহে ৷ প্ৰেমে নামানে বয়সৰ সীমা ৷ প্ৰেমে মাথোঁ জানে প্ৰেমৰ ঠিকনা ৷ প্ৰেমে নামানে জাতি-ধৰ্ম, প্ৰেমে নামানে ডেকা- গাভৰু । কিন্তু এই প্ৰেমৰো আছে ভয়াবহ ৰূপ ৷ জনীয়াত পৰকীয়া প্ৰেমৰ পৰিনতি - প্ৰেমিকাৰ ঘৰতেই ৰাজহুৱা কিল খালে প্ৰেমিকে ৷ গৰুৰ পঘাৰে বান্ধি প্ৰেমিকাৰ ঘৰতে প্ৰেমিকক সোধালে উত্তম-মধ্যম (Youth beaten up by a mob while trying to meet his girlfriend) ৷
ঘটনা অনুসৰি মোবাইল ফোনত এদিন কথা পাতিয়েই বৰপেটা জিলাৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত জনতা গাঁৱৰ তৈয়ব আলী নামৰ এজন বিবাহিতা যুৱকে দুই সন্তানৰ এগৰাকী মাতৃৰ প্ৰেমত পৰে ৷ মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে দিল্লীত ৷ গাখীৰতে ম'হৰ খুঁটি- এই সপোনৰেই প্ৰেমিক আহিলে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ ৷ কিন্তু ইয়াতেই লাগিল কেনা ৷
প্ৰেমিকাৰ ঘৰৰ ওচৰত প্ৰেমিকে পাইছাৰি কৰি থাকোঁতেই চকু পৰিল ওচৰ চুবুৰীয়া ৷ ইজন সিজনকৈ মানুহে সন্দেহৰ চকুৰে চোৱা বুলি গম পাইয়েই পলাবলৈ চেষ্টা কৰে তৈয়বে ৷ লগে লগে গাঁৱৰ লোকে হুলস্থুল কৰি প্ৰেমিক তৈয়বক ধৰি গৰুৰ পঘাৰে বান্ধি প্ৰেমিকাৰ ঘৰতে উত্তম মাধ্যম সোধাই (Mother fell in love) ৷