জনীয়া, 5 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্যবিবাহ বিৰোধী অভিযান চলি থকাৰ মাজতেই কলগাছিয়াত সংঘটিত হৈছে অনুৰূপ ঘটনা (Child marriage case at Kalgachia) ৷ চৰকাৰৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই এগৰাকী কিশোৰীক বিয়া পতাৰ প্ৰলোভন দি পলুৱাই আনিলে এজন বিবাহিত যুৱকে (Married man abducted a Minor girl) ৷
ঘটনাৰ বিৱৰণী অনুসৰি ২২ বছৰীয়া শ্বাহজাহান আলী নামৰ বিবাহিত যুৱকজনৰ নিকটৱৰ্তী এগৰাকী 15 বছৰীয়া কিশোৰীৰ লগত বন্ধুত্ব স্থাপন হৈছিল ৷ পৰৱৰ্তী সময়ত বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ’ল ৷ কিন্তু তেতিয়ালৈ যুৱকজন যে ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে সেই কথা তেওঁৰ প্ৰেমিকা তথা কিশোৰীগৰাকীয়ে জনা নাছিল ৷ প্ৰেমৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিবলৈ যুৱকজনৰ কথা অনুসৰি কিশোৰীগৰাকীয়ে ঘৰৰ পৰা পলাই আহে (Minor girl run away with lover) ৷
তাৰ পিচতে শ্বাহজাহানে কিশোৰীগৰাকীক লৈ মোমায়েকৰ ঘৰত থাকিবলৈ লয় ৷ ইফালে কিশোৰীগৰাকীক ঘৰত বিচাৰি নাপায় পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে ৷ তেওঁলোকে কন্যাৰ সন্ধানত কলগাছিয়া থানাত এক গোচৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত সোধা-পোছা কৰোতেই শ্বাহজাহানৰ কথা জানিবলৈ পাৰে ৷
আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শ্বাহজাহানৰ মোমায়েক হামিদ আলীৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Minor girl recovered at Kalgachia) ৷ আৰক্ষীয়ে ততাতৈয়াকৈ নাবালিকা আৰু ধৃত শ্বাহজাহান আলীক কলগাছিয়া আৰক্ষী থানালৈ আনি বৰপেটা অসামৰিক চিকিৎসালয়ত (Barpeta civil hospital) স্বাস্থ্য পৰীক্ষা কৰায় ৷ সম্প্ৰতি দুয়োকে বৰপেটা সদৰ আৰক্ষীক হস্তান্তৰ কৰিছে কলগাছিয়া আৰক্ষীয়ে ৷