জনীয়া,25 ফেব্ৰুৱাৰীঃবুধবাৰে অসম সমগ্ৰ শিক্ষা অভিযান বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ সৌজন্যত হালধীয়া পথাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সম্প্ৰদায় ২০২১ উৎসৱ উদযাপন কৰা হয় । এই উৎসৱৰ লগত সংগতি ৰাখি খৰিচলা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰবীন দাসৰ সভাপতিত্বত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰা হয় ।
এই উৎসৱত উপস্থিত থাকি বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্দেশ্য বাখ্যা কৰে হালধীয়া পাথাৰ সমল মণ্ডল কেন্দ্ৰৰ চিআৰচিচি শ্বহিদুল ইছলামে । অতিথিসকলক গছপুলি আৰু ফুলাম গামোচাৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে আয়োজক সমিতিৰ প্ৰধান সম্পাদক তথা শিক্ষক ছামচুল হকে ।