অসম

assam

By

Published : Jul 17, 2020, 4:50 PM IST

ETV Bharat / state

সমবায় সমিতিৰ সম্পাদকক সাঙুৰি সামাজিক মাধ্যমত দুৰ্নীতিৰ চৰ্চা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমবায় সমিতি সমূহত চলি থকা দুৰ্নীতিৰ অভিযোগ কোনো নতুন কথা নহয় । শেহতীয়াকৈ জনীয়াৰ দক্ষিণ তিতাপানী সমবায় সমিতিখনৰ সম্পাদকৰ বিৰুদ্ধেও উঠিছে দুৰ্নীতিৰ অভিযোগ । সামাজিক মাধ্যমৰ জড়িয়তে সমবায় সমিতিখনৰ সম্পাদক গৰাকীয়ে নানান দুৰ্নীতি কৰি অহাৰ বিষয়টো লৈ এতিয়া চৰ্চা লাভ কৰিছে । অৱশ্যে দুৰ্নীতিত নাম সাঙুৰ খোৱা সম্পাদক আব্দুছ ছবুৰ আহমেদে তেওৰ বিৰুদ্ধে উঠা এই অভিযোগক কৰিছে খণ্ডন ।

wrong allegation to a samabay samitee-at-titapani-of-jania
সমবায় সমিতিৰ সম্পাদকক সাঙুৰি সামাজিক মাধ্যমত দুৰ্নীতিৰ চৰ্চা

জনীয়া,১৭ জুলাই: দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদৰ বিৰুদ্ধে সামাজিক মাধ্যমত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা সন্দৰ্ভত সম্পাদক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰিছে প্ৰতিক্ৰিয়া ।

সমবায় সমিতিৰ সম্পাদকক সাঙুৰি সামাজিক মাধ্যমত দুৰ্নীতিৰ চৰ্চা

সম্পাদক গৰাকীৰ মতে,সমবায়ৰ পৰা এজেণ্ট সকলক হিচাপ কৰি চাউল-দাইল সমূহ ভগাই দিয়া হয়। ইয়াৰ পিছত যদি কোনো এজেন্টে উপভোক্তাক বঞ্চিত কৰে সেয়া সমবায় কিদৰে জ্ঞাত হ'ব। বঞ্চিত উপভোক্তাসকলে এই কথা সমবায় সমিতিক অৱগত নকৰি সামাজিক মাধ্যমেৰে মিছা প্ৰচাৰ চলোৱাতো কেতিয়াও গ্ৰহণ যোগ্য হ'ব নোৱাৰে । এনে ভুৱা প্ৰচাৰক উদ্দেশ্য প্ৰণোদিত আখ্যা দি ইমদাদুল নামৰ এজন যুৱকে বিভিন্ন সময়ত বহুকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে মিছা বদনাম জাপি হাৰাশাস্তি কৰাৰো অভিযোগ তুলিলে। পূৰ্বৰ বহু ঘটনাৰ মিছা অভিযোগ অনা ইমদাদুল নামৰ যুৱকজনক মানসিক হতাশাগ্ৰস্ত বুলিও অভিহিত কৰিলে স্থানীয় একাংশই ।

ইপিনে দক্ষিণ সমবায় সমিতিৰ সম্পাদক গৰাকীয়ে কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ সমবায়খন নিয়মীয়া ভাৱে চলি থকা বুলি ব্যক্ত কৰিলে। মিছা অভিযোগেৰে অপবাদ জাপি দিবলৈ চেষ্টা কৰা যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ সহায় লোৱা হ'ব বুলি জনালে সমবায়খনৰ বিষয়ববীয়া সকলে ।

লগতে চাওকঃ COVID-19ৰ পৰিৱৰ্তে কেন্দ্ৰ আৰু ৰাজ্যপাল বিৰোধী যুঁজত ব্যস্ত মমতা : দিলীপ

ABOUT THE AUTHOR

...view details