অসম

assam

By

Published : Jan 24, 2021, 10:16 AM IST

ETV Bharat / state

মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছে : শিখা শৰ্মা

জেৰেঙা পথাৰত লাখ লাখ টকা খৰচ কৰি সাজি উলিওৱা পেণ্ডেলৰ তলত মানুহ ভাড়া কৰি আনি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিছে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো উত্তাপ নাছিল ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জানুৱাৰী মাহৰ শীতক উত্তাপিত কৰিব নোৱাৰিলে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জেৰেঙা পথাৰৰ ঠেৰেঙা জাৰত বিজেপি সমৰ্থকৰ বুকুত উষ্ণতা আনিব নোৱাৰিলে বুলি কটাক্ষ কৰে দেশৰ প্ৰধান মন্ত্ৰীক লেখিকা শিখা শৰ্মাই ৷

মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছেঃ শিখা শৰ্মা
মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছেঃ শিখা শৰ্মা

বৰপেটাৰোড, 24 জানুৱাৰী: মণ্ডলে কৰিব পৰা কাম কোটি কোটি টকা ব্যয় কৰি সুদূৰ দিল্লীৰ পৰা উৰি আহি কৰি গ’ল দেশৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই মন্তব্য বিশিষ্ট তথা স্পষ্টবাদী লেখিকা শিখা শৰ্মাৰ ৷ ভৱানীপুৰৰ মাজগাঁৱত মাজগাঁও যুৱ সমাজৰ উদ্যোগত শনিবাৰে নিশা আয়োজিত এক সভাত অংশলৈ বিশিষ্ট লেখিকা শিখা শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰীক ফাঁকিৰ গুদাম ঘৰ বুলি আখ্যা দি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয়, আপোনাৰ ফাঁকিৰ গুদাম ঘৰ আমাৰ আবেগ জেৰেঙা পথাৰত উদঙাই নিদিব ৷ আপোনাৰ যদি ক্ষমতা আছে আপোনাৰ যদি সাহস আছে জেৰেঙালৈ নহয় আপুনি তিনিচুকীয়ালৈ যাওক লাইকা-দধিয়াবাসীৰ ওচৰলৈ যাওক আৰু তেওঁলোকৰ হাতত তুলি দিয়ক সংস্থাপনৰ ঠিকনা ৷

একেদেৰে জেৰেঙা পথাৰত লাখ লাখ টকা খৰচ কৰি সাজি উলিওৱা পেণ্ডেলৰ তলত মানুহ ভাড়া কৰি আনি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো উত্তাপ নাছিল বুলি কয় লেখিকা শিখা শৰ্মাই ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জানুৱাৰী মাহৰ শীতক উত্তাপিত কৰিব নোৱাৰিলে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জেৰেঙা পথাৰৰ ঠেৰেঙা জাৰত বিজেপি সমৰ্থকৰ বুকুত উষ্ণতা আনিব নোৱাৰিলে বুলি কটাক্ষ কৰি কয় দেশৰ প্ৰধান মন্ত্ৰী গৰাকীক ৷

মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছেঃ শিখা শৰ্মা

আনহাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ সুন্দৰ শুৱলা গীতটোক অপমান কৰি গালে ধৰিত্ৰী ঐ, দয়া কৰা, নিস্তাৰ নাই বুলি বিকৃত উপস্থাপনৰে অপমান কৰি ড° ভূপেন হাজৰিকাৰ গান ভুলকৈ গাই থৈ যোৱা বুলিও কয় বিশিষ্ট লেখিকা শিখা শৰ্মাই ৷ লেখিকা গৰাকীয়ে বিজেপিৰ নেতা সকলক উদ্যেশি কয় আপোনালোকে অসমৰ বাহিৰৰ কোনো বিজেপি নেতাৰ মুখত অসমীয়া ভাষা তুলি নিদিব ৷ অসমৰ শিল্পী জুবিন, অংগৰাগ আছে যি সকল শিল্পীয়ে যুগে যুগে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক জীয়াই ৰাখিব পাৰিব ৷

গুজৰাটী উচ্চাৰণেৰে অসমত আহি অসমীয়াৰ আবেগেৰে ভোট ক্ৰয় কৰাৰ বৃথা চেষ্টা নকৰিবলৈও সকীয়াই দিয়ে লেখিকা শিখা শৰ্মাই ৷ ইপিনে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক দ্বিতীয়বাৰ অসমলৈ আহি অশুদ্ধ অসমীয়া ভাষা নকবলৈ অনুৰোধ জনাই শিখা শৰ্মাই কয়, অসমত অসমীয়া ভাষা শুদ্ধকৈ কোৱা লোকৰ অভাৱ হোৱা নাই ৷ প্ৰধানমন্ত্ৰীয়ে ভুল ভুল কৈ অসমীয়া ভাষা কৈ অসমত পদুম ফুলাব নালাগে বুলি কোৱা দেখা যায় শিখা শৰ্মাক ৷

লগতে পঢ়কঃ আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

ABOUT THE AUTHOR

...view details